সোণাৰিৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৩ মেঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বুধবাৰে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত গণস্বাক্ষৰ অভিযানৰ লগতে এক বিশাল প্ৰতিবাদী গণজাগৰণ সমাৱেশ কাৰ্যসূচী অনুস্থিত কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ তাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা, আটছা, চৰাইদেউ প্ৰেছ গীল্ড, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত জিলাখনৰ বহু কেইটা সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত সোণাৰি নগৰৰ মাজেদি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ সোণাৰি ৰাজহুৱা খেলপথাৰত এক বিশাল গণজাগৰণ সমাৱেশত জিলাখনৰ প্ৰায় ৩০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে। সমাৱেশত কৃষক নেতা অখিল গগৈ, আলফা নেতা জিতেন দত্ত, আটাছু উপদেষ্টা অশ্বিনী চেতিয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত লগতে সাধাৰণ সম্পাদক পলাশ চাংমাই, টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ, আটছা প্ৰমুখ্যে বহু সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।