যতীন নাথ

মাজবাট 

১৭ নৱেম্বৰ

বিটিচিৰ পাঁচনৈ চেৰফাং সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি বিধায়ক ৰকিবুল হুছেইনৰ বিস্ফোৰণ। দুৰ্নীতিৰ ধন ভাগ বতৰাত খেলিমেলি হোৱাৰ বাবেই হাগ্ৰামা মহিলৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত সংঘাত লাগিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ।

আমি দুখীয়া জনসাধাৰণক মিছা কথাৰে প্ৰলোভন নিদিওঁ। ৰাইজক আমি বিজেপি, বিপিএফ দলৰ দৰে নিৰ্বাচনৰ আগত ইটো দিম, সিটো দিম বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচন যোৱাৰ পিছত প্ৰবঞ্চনা নকৰোঁ। দুখীয়া ৰাইজৰ সুখ-দুখৰ সমভাগী হৈ ৰাইজৰ সেৱা কৰাহে আমাৰ উদ্দেশ্য। মাজবাট ব্লক কংগ্ৰেছৰ উদ্যোগত ৩৯ নং পাঁচনৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নৱজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ আহি মাজবাটৰ বাপুজী প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত এনেদৰে মন্তব্য কৰে অসম বিধান সভাৰ বিৰোধী উপ-দলপতি তথা চামুগুৰী সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে লগতে কয় যে, বিটিচিত বিগত পোন্ধৰ বছৰে হাগ্ৰামাই অবাধ দুৰ্নীতি সংঘটিত কৰিছে। বিগত সময়চোৱাত দুয়ো মিলি কেন্দ্ৰৰ পৰা অহা হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতিৰে হৰলুকি কৰিছিল।এতিয়া সেই টকাৰ ভাগ বতৰাত কিবা খেলিমেলি হোৱাৰ বাবেই হাগ্ৰামা মহিলৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত সংঘাতৰ সৃষ্টি হৈছে বুলি সভাত হাগ্ৰামা মহিলৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে।

প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু পাঁচনৈ চেৰফাং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নৱজ্যোতি কুৰ্মী উপস্থিত থাকে।