আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৮ নৱেম্বৰ

শিৱসাগৰৰ পৰা নগালেণ্ডক সংযোজন কৰিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথ নং ৭০২(চি)ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০০ কোটি টকা অনুমোদন দিয়াৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে। এই পথছোৱা শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত অংশৰ সন্দৰ্ভত শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এক ৰাজহুৱা মতামত গ্ৰহণৰ সভা অনুষ্ঠিত হৈ যায়।

৭০০ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া এই ৰাষ্ট্ৰীয় ঘাইপথটি শিৱসাগৰ চহৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বৰ বেতবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰম্ভ হ’ব। শিৱসাগৰ জিলা প্ৰশাসন আৰু লোকনিৰ্মাণ বিভাগৰ যোৰহাট ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলৰ আহ্বানক্ৰমে আয়োজিত আৰু জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সন্মানীয় অতিথিৰূপে অসম চৰকাৰৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী তথা লোকনিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিশিষ্ট সমাজ সেৱিকা সুৰভি  ৰাজকুমাৰী, নাজিৰাৰ বিধায়কৰ হৈ প্ৰতিনিধিত্ব কৰা স্বপ্না শইকীয়াৰ লগতে পথছোৱাই সংযোগ কৰিবলগা সংশ্লিষ্ট অঞ্চলৰ পঞ্চায়ত প্ৰতিনিধিসকল, চৰকাৰী গাঁওবুঢ়াসকল, অঞ্চলটোৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (ভূমি অধিগ্ৰহণ) দীপক ভূঞাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। প্ৰস্তাৱিত পথটোৰ বিষয়ে বিতং বিৱৰণ দাঙি ধৰে লোকনিৰ্মাণ বিভাগৰ যোৰহাট ৰাষ্ট্ৰীয় ঘাই-পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা প্ৰশান্ত শইকীয়াই। তেওঁ পথছোৱাৰ প্ৰস্তাৱিত মানচিত্ৰ, ভূমি অধিগ্ৰহণ কৰিব লগা গাওঁসমূহত নাম আৰু আনুমানিক খৰচৰ এক আলেখ্য প্ৰদান ধৰে। তেওঁ এই অভিলাষী পথ-প্ৰকল্পটো আৰু প্ৰস্তাৱিত পথৰ মানচিত্ৰৰ সম্পৰ্কত ৰাইজৰ সদিচ্ছাত্মক মন্তব্য আৰু দিহা পৰামৰ্শ আশা কৰে। ইয়াৰ পাছত সভাপতিয়ে আহ্বান কৰা ৰাজহুৱা মতামতত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পথ-যোগাযোগ ব্যৱস্থাত অসামান্য উন্নয়ন সাধন কৰিবৰ ক্ষমতা ৰখা এই পথ প্ৰকল্পটো আৰু প্ৰস্তাৱিত মানচিত্ৰৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ প্ৰকল্পটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ মাটি অধিগ্ৰহণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহক নিয়াৰিকৈ দায়িত্ববাহী পালন কৰিবলৈ আহ্বান জনায়, যাতে ভবিষ্যতে মাটি অধিগ্ৰহণৰ আসোঁৱাহৰ বাবে পথ নিৰ্মাণত বাধাৰ সৃষ্টি নহয়। মন্ত্ৰী যোগেন মহনদেৱেও পথ-প্ৰকল্পটো আৰু প্ৰস্তাৱিত পথৰেখাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই কয় যে এই পথটোৱে পথ-যোগাযোগ ব্যৱস্থাত এক বৃহৎ উন্নয়ন সাধন কৰিব। এই পথছোৱা ২০২১ চনত আধাৰশিলা স্থাপন কৰিব পৰাকৈ ক্ষিপ্ৰতাৰে কাম আগবঢ়াই নিবলৈ জিলা উপায়ুক্তক সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন মহনে আহবান জনায়।

ইফালে ৰাজহুৱা মত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়তৰ প্ৰতিনিধিবৃন্দ, গাঁওবুঢ়াসকল আৰু গণ্য-মান্য ব্যক্তিসকলে প্ৰস্তাৱিত পথ প্ৰকল্পটো আৰু শিৱসাগৰ জিলাত পথটোৰ প্ৰস্তাৱিত পথৰেখাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ পাছত পথ প্ৰকল্পটো আৰু প্ৰস্তাৱিত পথৰেখাৰ প্ৰতি সৰ্ব-সন্মতিক্ৰমে সমৰ্থন আগবঢ়াবলৈ সভাই ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰে। লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক প্ৰকল্পটোৰ অনুমোদন দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু মাটি অধিগ্ৰহণ তথা পথটোৰ নিৰ্মাণৰ কাম সোনকালেই আৰম্ভ হ’ব বুলি আশা প্ৰকাশ কৰে। পথছোৱাৰ আৰম্ভণিতে কেৱল এফালে নিৰ্মাণ কৰা ট্ৰাম্পেটৰ সলনি দুয়োফালে অহাযোৱা কৰা যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োফালে ট্ৰাম্প্ৰেট নিৰ্মাণ কৰিবলৈ সভাই লোকনিৰ্মাণ বিভাগক অনুৰোধ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত শিৱসাগৰ, নাজিৰা, সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল ক্ৰমে ভাস্কৰজ্যোতি ৰাজবংশী, শান্তনু গগৈ, প্ৰিয়াংশু ভৰদ্বাজ আৰু লোকনিৰ্মাণ বিভাগৰ শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা উপেন চন্দ্ৰ শইকীয়াৰ লগতে অন্যান্য কাৰিকৰী বিষয়াসকল উপস্থিত থাকে।