আজিজুল হক

বৰপেটা

১৭ নৱেম্বৰ

বৰপেটাত ৬ কৌটি টকা ব্যয় সাপেক্ষ নিৰ্মিত কেইবাটাও আচঁনি উদ্ধোধন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । “সময়ৰ সৈতে খাপ খুৱাই চলিব নোৱৰিলে আমি পিছ পৰি থাকিব লাগিব”, “উঠি অহা প্ৰজন্মৰ বৌদ্ধিক, শাৰিৰীক, আৰ্থিক, নৈতিক সকলো দিশৰ বিকাশ হোৱাত গুৰুত্ব দিছে চৰকাৰে”।

সময়ৰ সৈতে খাপ খুৱাই সময়ৰ উপযুক্ত ব্যৱহাৰেৰে পদক্ষেপ লৱ নোৱাৰিলে আমি পিছ পৰি থাকিম। সময়ৰ সৈতে এডজাষ্ট কৰি চলিব লগা হ’লে সময়ে বিচৰা ধৰণে আমি কাৰ্যপন্থা লৱ লাগিব। উপযুক্ত পৰিৱেশ নাথাকিলে কামত ব্যস্ত থাকি কিছু বিৰক্তি অনুভৱ হয়। যাৰ বাবে কাম অনুযায়ী উপযুক্ত পৰিৱেশ গঢ়ি তুলিব লাগিব। তেতিয়াহে কামত নিয়োজিত কৰ্মচাৰীসকলে কাম কৰি বিৰক্তি নহয়, মানসিক শান্তি লভিব পাৰে”। বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্ধোধন কৰি কাৰ্যালয় প্ৰাংগনতে অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱলে এইদৰে মন্তব্য প্ৰকাশ কৰাৰ লগতে কয় যে উঠি অহা প্ৰজন্মৰ বৌদ্ধিক, শাৰিৰীক, আৰ্থিক, নৈতিক সকলো দিশৰ বিকাশ হোৱাত গুৰুত্ব দিছে চৰকাৰখনে। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকল উপকৃত হ’ব পৰাকৈও বিভিন্ন ধৰণৰ আচঁনি আৱন্টন দিছে চৰকাৰে। শিক্ষাৰ্থীসকলক শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

গ্ৰাম্যাঞ্চলৰ সৰ্বস্তৰৰ লোকৰ বিকাশৰ বাবেও চৰকাৰে কেতবোৰ আচঁনি মোকলাই দিছে। চৰকাৰে শিক্ষা, স্বাস্থ্য, কৰ্ম সকলো দিশতে অসমৰ ৰাইজক আস্থাত লৈহে কাম কৰিছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁ ধৰা এই সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে ৰাইজৰ স্বাৰ্থ, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা, অসমৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশক অগ্ৰাধিকাৰ দিহে বিজেপি চৰকাৰে কাৰ্যপন্থা হাতত লৈ আহিছে। অসমীয়া জাতিৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কাম এই চৰকাৰখনে কৰা নাই। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে নিৰবিচ্ছিন্নভাৱে যুঁজি আহিছে এইখন চৰকাৰে। উল্লেখযোগ্য যে অতি ঠেক ঠাই আৰু মানুহৰ অতিমাত্ৰা ভীৰৰ বাবে পূৰ্বৰ চক্ৰ বিষয়াৰ কাৰ্যলয়লৈ ৰাইজে বিভিন্ন কাম কাজত আহি এক প্ৰকাৰ যন্ত্ৰণাত ভূগি আহিছে। যাৰ বাবে অলপতে নিৰ্মাণ সম্পূৰ্ণ হোৱা চক্ৰ বিষয়াৰ স্থানান্তৰিত ভৱনটো মঙলবাৰে উদ্ধোধন হোৱাত বৰপেটাবাসী ৰাইজে ভূগি অহা দীৰ্ঘদিনীয়া এটি সমস্যাৰ অন্ত পৰিব। ২ কোটি ৭৪ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত এই ভৱনটো উদ্ধোধনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৪ টাককাক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱা ১১.৩০ বজাত হাউলীৰ মৈৰামাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় ৪০ লাখ টকা ব্যয়সাপেক্ষে আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তাৰ পিছতে হাউলীত ৫০ লাখ টকা ব্যয়সাপেক্ষে নৱনিৰ্মিত শ্বহীদ বেদী উন্মোচনৰ পিছত মুখ্যমন্ত্ৰীয়ে হাউলীত ২ কোটি টকা ব্যয়সাপেক্ষে পুণৰনিৰ্মিত চণ্ডী বৰুৱা ভৱন উদ্ধোধন কৰি তাত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰি ভাষণ ৰাখে। হাউলীৰ সভা শেষ হোৱাৰ পিছত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আবেলি ২.৩০ বজাত জনীয়া সত্ৰত উপস্থিত হৈ পুৰুষোত্তম ঠাকুৰ আতা সত্ৰ আৰু নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰৰ বাবে আছুতীয়া পুঁজিৰ ২৫ লাখ টকাকৈ মঞ্জুৰ কৰি হাতত লোৱা উন্নয়ন আঁচনিৰ কামৰ মাঙ্গলিক শুভাৰম্ভ কৰে। তাৰ পৰা আহি ৩ বজাত বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্ধোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

এইখিনিতে কবলগীয়া যে নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান মাহ বাকী আছে। তেনে সময়তে শাসকীয়, বিৰোধী সকলো ৰাজনৈতিক দলে ৰাইজৰ কাষ চাপিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন আচঁনিৰ উদ্ধোধন কৰা দেখা গৈছে। সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।