গুৱাহাটী

১৮ ডিচেম্বৰ

‘দৰ্পন’ৰ উদ্যোগত বঁটা বিতৰণী অনুষ্ঠান। গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান। সমাজ সেৱাৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিক প্ৰদান কৰা হয় বঁটা। ১৯৮৩ চনৰে পৰা সামাজিক সংগঠন ‘দৰ্পন’ জড়িত হৈ আছে বিভিন্ন সামাজিক কৰ্মৰ লগত।

বৃহস্পতিবাৰে মহানগৰীৰ শিল্পগ্ৰামত সমাজ সেৱাৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিক তেওঁলোকৰ অৱদানৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰদনা কৰা হয় বঁটা। সামাজিক সংগঠন ‘দৰ্পন’ৰ উদ্যোগত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত সামাজিক কৰ্মৰ লগত জড়িত ব্যক্তি সকলক তিনিটা শাখাত প্ৰদান কৰা হয়।

কভিড যোদ্ধা, সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদান আৰু জীৱনজোৰা বঁটা এই তিনিটা শাখাত প্ৰদান কৰা হয় বঁটা।

কভিড যোদ্ধাৰ বাবে দীপাংকৰ বৰুৱা, হেমেন কলিতা, দীপাংকৰ বৰ্মন, ধীৰাজ সিং, ছাজেন লাংথাছা, ডঃ কুমাৰ পিংকু প্ৰতিম, দৰেন্দ্ৰ সিং, ভাৰ্গব বাসুমতাৰী আৰু দক্ষিত শৰ্মাক বঁটা প্ৰদান কৰা হয়।

সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে পিংকু চৌধুৰী, ছাজেন লাংথাছা,আবু মিৰাজ হুছেইন আৰু মহানন্দ কুমাৰক বঁটা প্ৰদান কৰি সন্মানিত কৰা হয়। আনহাতে জীৱনজোৰা বঁটাৰ সন্মান প্ৰদান কৰা হয় বতহু কুমাৰ বসন্ত কুমাৰক।

উল্লেখ্য যে বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সমূহৰ কল্যান বিভাগৰ সঞ্চালকালয়ৰ উপ-সঞ্চালক যাদৱ পেগু, উদ্যোগী অমিত সিনহা আৰু নিউজ ১৮ অসম নৰ্থ ইষ্টৰ কাৰ্যবাহী সম্পাদক নীলয় ভট্টাচাৰ্য্য। বঁটা বিতৰণী অনুষ্ঠানত অন্যান্য কেইবাগৰাকী ব্যক্তিৰ লগতে উপস্থিত থাকে বহু সংখ্যক লোক।