ধুবুৰী, সংবাদ ৩৬৫, ২৩ মেঃ  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সকলো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ মাচুল ৰেহাই কৰি দিয়াৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে নাম ভৰ্তিৰ মাচুল সম্পূৰ্ণ ৰেহাই কৰিছে যদিওঁ ধুবুৰী জিলাৰ হদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবু আনিছ আফতাব মমিনে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত নাম ভৰ্তিৰ বাবদ প্ৰতিগৰাকী ছাত্ৰৰ পৰা ১৫ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে বিপিএল পৰিয়ালৰ সাহি আলম সেখ নামৰ এইজন ছাত্ৰৰ পৰা নামভৰ্তি বাবদ দুই শ টকা বিচৰাত ছাত্ৰ জনে দুই শ টকা দিয়াত অমান্তি প্ৰকাশ কৰাৰ অধ্যক্ষ গৰাকীয়ে ছাত্ৰজনক প্ৰহাৰ কৰে। অধ্যক্ষৰ হাতত ছাত্ৰজন প্ৰহৃত হোৱাৰ পিছত শিক্ষাৰ্থী সকলে অধ্যক্ষজনক আৱদ্ধ কৰি ৰাখি বিদ্যালয় খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাৰ খবৰ পাই চিআৰপিএফ বাহিনীক লগত লৈ ধুবুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অধ্যক্ষ গৰাকীক উদ্ধাৰ কৰে। ঘটনাৰ সন্দৰ্ভত ছাত্ৰজনে অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৬৫৪/১৮ নম্বৰত গোচৰ পঞ্জীয়ন কৰি অধ্যক্ষ গৰাকীক গ্ৰেপ্তাৰ কৰে।