গুৱাহাটী, সংবাদ ৩৬৫, ২২ মেঃ পৰিবৰ্তনৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনৰ জনসাধৰণ বিৰোধি স্থিতিৰ বিৰুদ্ধে মঙলবাৰে উত্তাল হৈ পৰে দীঘলীপুখুৰী পাৰ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত ৰাজ্যৰ পৰিবেশ অগ্নিগৰ্ভা হৈ থকাৰ সময়তে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই মহানগৰীৰ দীঘলীপুখুৰী পাৰত মুণ্ডন কাৰ্যসূচী পালন কৰি বিধেয়ক খনৰ বাতিল কৰাৰ দাবী জনায়। ৰাজ্যখন অবৈধ বাংলাদেশীৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত হোৱাৰ লগতে অসম তথা অসমীয়া জাতিৰ অস্তিত্ব আৰু ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই অসমীয়া লোকক বিশেষ সাংবিধানীক অধিকাৰ প্ৰদান কৰা, ভূমিৰ নিৰাপত্তা আৰু অধিকাৰৰ দাবী জনায়। উল্লেখ্য যে, মুণ্ডন প্ৰতিবাদী অনুস্থিত কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা জ্যোতিপ্ৰসাদ চুতীয়া, উপদেষ্টা বিপুল চুতীয়া, কাৰ্যকৰী সভাপতি সমীৰণ বৰা, সাধাৰণ সম্পাদক মহেশ বৰা প্ৰমুখ্যে উপস্থিত থাকে চুতীয়া ছাত্র সংস্থাৰ একাধিক সদ্যস, কৰ্মকৰ্তা সকল।