বাক্সা, সংবাদ ৩৬৫, ১৩ মেঃ বাক্সা জিলাৰ নাওকাটাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তি দাহ কৰিলে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৱ ডেফেলি আঞ্চলিক সমিতিয়ে৷ জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খলনায়ক আখ্যা দি সংগঠনটোৱে বিজেপি চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দবাদ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক শ্ল’গানেৰে উত্তাল কৰি তোলে নাওকাটাৰ ৰাজপথ। শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে সঘটনটোৱে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰি চৰকাৰত থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সুবিধাবাদী নেতা আখ্যা দিয়ে। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত হাগ্ৰাম মহিলাৰীয়ে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত সংঘটনটোৱে হাগ্ৰাম হাগ্ৰাম মহিলাৰী সুবিধাবাদী নেতা আখ্যা দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে সমগ্ৰ অসমত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে।