গৌৰীপুৰ, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ জিলাৰ গৌৰীপুৰৰ আলমগঞ্জত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ তীব্ৰবেগী দুই ট্ৰাকৰ মাজত খুন্দা লগত গুৰুত্বৰ ভাবে আহত হয় এজন টেট শিক্ষক। আহত শিক্ষকজন গুৱাহাটীৰ ছয়গাঁৱৰ চন্দন কলিতা বুলি চিনাক্ত হৈছে৷ বালিভৰ্তি ট্ৰাক এখনে তীব্ৰবেগত অন্য এখন বাহনক অভাৰটেক কৰিবলৈ চেষ্টা কৰোতে ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে৷ দূৰ্ঘটনা সংঘটিত কৰি বালিভৰ্তি ট্ৰাকখনৰ চালক দুর্ঘটনাস্থলীৰ পলায়ন কৰে। এই দুৰ্ঘটনাৰ ফলত গুৰুত্বভাবে আহত হোৱা টেট শিক্ষক চন্দন কলিতাক প্ৰায় বিশ মিনিট সময় ধৰি চেষ্টা কৰি গাড়ীৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। চন্দন কালিতাক অতি সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ-০১-ইচি-৮৩৮৬। দূৰ্ঘটনাত আহত হোৱা চন্দন কলিতাক প্ৰথমে ট্ৰাকখনৰ হেণ্ডিমেন বুলি ধাৰণা কৰা হৈছিল যদিও পৰবৰ্তী সময়ত চন্দন কলিতা এগৰাকী টেট শিক্ষক বুলি জানিব পৰা যায়।