মেঘালয়, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ শনিবাৰে পুৱতি নিশা মেঘালয়ৰ গাৰো পাহাৰৰ ডবোত মেঘালয় আৰক্ষীৰ লগত হোৱা এক গুলীয়াগুলীত গাৰো উগ্ৰপন্থী সংগঠন জিএনএলএৰ সেনাধ্যক্ষ চোহান ডি শিৰা নিহত হয়। মেঘালয়ৰ উলিয়ামনগৰৰ এনচিপিৰ প্ৰাৰ্থী জনাথন চাংমা গাৰো উগ্ৰপন্থী সংগঠনটোৰ আক্ৰমণত নিহত হোৱাৰ পিছৰে পৰা আৰক্ষীয়ে চোহান ডি শিৰাক বিচাৰি গাৰো পাহাৰৰ বিভিন্ন অঞ্চলত অভিযান অব্যাহত ৰাখিছিল। উল্লেখ্য যে, চোহান ডি শিৰা গাৰো পাহাৰত বিভিন্ন উগ্ৰপন্থীমূলক কাৰ্য্যৰ লগতে অপহৰণ আৰু ধনদাবীৰ কৰি গাৰো পাহাৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।