কুন্দন ভৰালী

নগাঁও

২১ জানুৱাৰী

নগাঁও আৰক্ষীৰ জালত ধিং সোণাৰীগাঁৱৰ হত্যাকাণ্ডৰ অভিযুক্ত। প্ৰতিবাদৰ পিছত গা লৰিল আৰক্ষীৰ। হত্যাকাণ্ডৰ লগত জড়িত থকা অন্য কেইবাগৰাকী অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত থকাৰ অভিযোগ।

নগাঁৱৰ সোণাৰীগাঁৱত সংঘটিত হত্যাকাণ্ডক লৈ বেছামাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত বৃহস্পিতিবাৰে নগাঁও আৰক্ষীয়ে আটক কৰে হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্তক। নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰে জাহাংগীৰ নামৰ এজন যুৱকক। বিগত ৬ জানুৱাৰীত সোণাৰীগাঁৱত ছোহেইল আহমেদ নামৰ এজন যুৱকক এটা ডকাইতৰ দলে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাসন্দৰ্ভত নগাঁও আৰক্ষীয়ে অভিযান চলাই এজন অভিযুক্তক আটক কৰিছে যদিও আন কেবাটাও অভিযুক্ত পলাই থকাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

ঘটনাৰ ন্যায় বিচাৰি পৰিয়ালৰ লোক বৃহস্পিতিবাৰে নগাঁও আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে।ইফালে হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তৰ অন্ততহে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।