মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২১ জানুৱাৰী

এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। আঠ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে শিমুলটাপু বিশুদ্ধ খোৱা পানী আচঁনি। বিষাক্ত পানী খাই জীৱন যাপন কৰিবলৈ বাধ্য অঞ্চলটোৰ ৰাইজ।

বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত শিমুলটাপু ভি চি ডি চিৰ শিমুলটাপু দ্বিতীয় খণ্ড গাঁৱত ২০১১-২০১২ বিত্তীয় বৰ্ষতে কেইবালাখ টকা ব্যয় সাপেক্ষে দুই শতাধিক পৰিয়ালে বিশুদ্ধ খোৱা পানী পাব পৰাকৈ নিৰ্মাণ কৰা হৈছিল বিশুদ্ধ খোৱাপানীৰ যোগানৰ এক আচঁনি। আচঁনিটো নিৰ্মাণ হোৱাৰ পাছত আজিলৈকে এটুপি খোৱা পানী নোলাল বিশুদ্ধ খোৱা পানী যোগান আচঁনিটোৰ পৰা। আচঁনিটো নিৰ্মাণৰ সময়ত শিমুলটাপু অঞ্চলৰ ৰাইজে বহু আশা কৰিছিল বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব বুলি কিন্তু এতিয়া নদী, টিউবয়েলৰ বিষাক্ত পানী খাব লগা হৈছে অঞ্চলটোৰ ৰাইজ। গাঁৱৰ ৰাইজে বিষাক্ত আইৰণযুক্ত পানী সেৱনৰ ফলত বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে যদিও আচঁনিটো নিৰ্মাণৰ সময়ত ঠিকাদাৰজনে নিম্নমানৰ কাম কৰা আৰু আচঁনিখন বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ বাবে মুকলি কৰি নিদিয়াৰ বাবে আজিলৈকে ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী নাপালে। ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন নিবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিলে। ফলত পানী যোগান আঁচনিটোৰ বিভিন্ন যন্ত্ৰপাতিবোৰ পৰিত্যক্ত অৱস্থাত থাকি বিনষ্ট হোৱাৰ লগতে আচঁনিৰ গৃহৰ দেৱাল ফাট মেলি জহি খহি যাব ধৰিছে।

বিশুদ্ধ পানী যোগান আচঁনিৰ গৃহটো জৰাকীৰ্ণ অৱস্থাত ভূত বাংলাত পৰিণত হোৱাটো নিশ্চিত হৈ পৰিছে। অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱা পানী আচঁনিটো কাৰ্যক্ষম কৰি তুলিবলৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰমোদ বড়ো চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক দাবী জনাইছে।