মুস্তাক আহমেদ

জুৰীয়া

৯ নৱেম্বৰ

জুৰীয়াৰ জোনাকী পুথিভড়ালত জুৰীয়াৰ মবাইল হোত্সএপ গ্ৰুপ “একেখন নাৱৰে যাত্ৰী”ৰ উদ্যোগত আৰু জুৰীয়া সংবাদ ক্লাবৰ সহযোগত তেলিয়া বেবেজীয়া গাঁও পঞ্চায়তৰ নৱ প্ৰজন্মৰ তিনি গৰাকীকৈ যুৱকৰ লগতে এগৰাকী জেষ্ঠ শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়।

বহু বছৰৰ পাছত নতুন প্ৰজন্মৰহৈ জুৰীয়ালৈ ডাক্তৰ হৈ সুনাম কঢ়িয়াই আনিছে তেলিয়া গাঁৱৰ স্বৰ্গীয় তৰুণ বৰাৰ পুত্ৰ পৰাগ মনি বৰা পৰাগ মনি বৰাৰ লগতে জুৰীয়াৰ পৰা সাহিত্য জগতখনলৈ আগবাঢ়ি অহা থিয়টাঙনী, ভকতৰ চুকৰ হৰেণ শৰ্মাৰ পুত্ৰ মনোজ কুমাৰ শৰ্মা৷ মনোজ কুমাৰ শৰ্মাই কৰ্মব্যস্ততাৰ মাজতে কিতাপ লিখি প্ৰকাশ কৰি জুৰীয়ালৈ সন্মান কঢ়িয়াই আনিছে। ৮০ দশকৰ পৰা সংগীত জগতখনৰ লগত জড়িত হৈ জুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে স্বৰ্গীয় কমলা কান্ত বৰাৰ পুত্ৰ গৌতম বৰা দেৱ৷ এই চাৰি গৰাকী ব্যক্তিক জোনাকী পুথিভঁৰালত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ লগতে প্ৰযোজক,পৰিচালক তথা নাট্যকাৰ দিলীপ বৰদলৈ, শিল্পী মন্টু বৰা, মনচুৰ আলী, প্ৰণৱ শইকীয়াৰ লগতে অনুষ্ঠানটি সুচাৰুৰূপে আগবঢ়াই নিয়ে নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা একেখন নাৱৰে যাত্ৰী গ্রুপৰ সদস্য উৎপল বৰা৷ অনুষ্ঠানত গীত পৰিৱেশন কৰি জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া সকলোৰে মন মুহিবলৈ সক্ষম হয়৷