আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৯ নৱেম্বৰ

শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ সন্ত্ৰাস সৃষ্টি কাৰী দুই দুধৰ্ষ ডকাইত৷ ধন নিবলৈ চোপ লৈ থাকোতেই আৰক্ষীৰ জালত পৰিল বহি ৰাজ্যৰ দুই ডকাইত।দীৰ্ঘদিন ধৰি উজনি অসমত আতংকৰ সৃষ্টি কৰি অহা ডকাইতৰ দলটোৰ দুই দুধৰ্ষ সদস্য অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল৷

ধন লুটৰ বাবে বেংকৰ পদূলীত চোপ লৈ থাকোতেই আৰক্ষীৰ জালত পৰিল দুই ডকাইত৷ শিৱসাগৰ চহৰৰ কানাড়া বেংকৰ সমীপৰ পৰা শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰা ডকাইত দুটাক বিহাৰৰ উদয় সিং আৰু প্ৰকাশ ঝা বুলি জানিব পৰা গৈছে৷ দুয়ো ডকাইতে ধন লুটৰ বাবে খাপ লৈ থাকোতেই ৰাইজ, বেংক কৰ্মচাৰীৰ খবৰৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুয়ো ডকাইতক কৰায়ত্ব কৰে। শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা, শিৱসাগৰ নগৰ উপ-পৰিদৰ্শক জ্যোতিস্মান নেওগ আৰু সহ উপ-পৰিদৰ্শক লোক নাৎ বসুমতাৰীৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে এই সাফল্য লাভ কৰে। ধৃত দুই ডকাইতৰ জিম্মাৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে। আৰক্ষীৰ জেৰাত এই দুই ডকাইতে ২ নৱেম্বৰৰ দিনা পুতুল চেতিয়া নামৰ এজন ব্যক্তিৰ পৰা এক লাখ টকা ঠপিয়াই নিয়াৰ কথাও স্বীকাৰ কৰিছে৷

ডিব্ৰুগড়ৰ বৰবৰুৱাত ভাড়া ঘৰত থাকি আন তিনি সহযোগীৰ সৈতে উজনিৰ কেইবাখনো জিলাত ডকাইতৰ দলটোৱে ডকাইতি কাৰ্য চলাই আহিছিল৷ শিৱসাগৰ আৰক্ষীয়ে ধৃত ডকাইত দুটাত আন তিনি সদস্যক বিচাৰি ডিব্ৰুগড়ত অভিযান চলাই থকা বুলিও জানিব পৰা গৈছে।