কুন্দন ভৰালী

নগাঁও

৯ নৱেম্বৰ

নগাঁও হয়বৰগাঁও ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি। ৰেল আৰক্ষীয়ে ট্ৰাক চালকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী কনিষ্টবলৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হয় এজন ট্ৰাক চালক।

সোমবাৰে পুৱাৰ ভাগত নগাঁও জিলাৰ হয়বৰগাঁও ৰে’ল ষ্টেচনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ৰে’লৰ ডবাত ট্ৰাক লগোৱাৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দেওবাৰে নিশা ১১ মান বজাত চন্দন নাথ নামৰ এজন ট্ৰাক চালকে ৰেল’ৰ ডবাত ট্ৰাক লগোৱাত চন্দন নাথক বাধা দিয়ে ৰেল আৰক্ষীৰ কনিষ্টবল ধনতি ফূকনে। আৰক্ষী কনিষ্টবল জনে ট্ৰাকৰ চকাৰ হাৱা খুলি দিয়াৰ চেষ্টা কৰাত দুয়োজৰে মাজত বাত বিতন্দাৰ সৃষ্টি হয়। ৰে’ল আৰক্ষীৰ কনিষ্টবল ধনতি ফুকনে ট্ৰাক চালক চন্দন নাথক মাৰপিট কৰাত গুৰুত্বৰভাৱে আহত হয় ট্ৰাক চালক চন্দন নাথ। এই ঘটনাক লৈ সোমবাৰে পুৱা ৰে’ল ষ্টেচনৰ ভিতৰৰ থকা হয়বৰগাঁও ৰে’ল আৰক্ষীৰ কার্যলায়ৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে নগাঁও জিলা ট্ৰাক চালক সন্থাই।।যেতিয়ালৈকে ৰে’ল আৰক্ষীৰ কনিষ্টবল ধনতি ফূকনক উচিত শাস্তি নিদিয়ে আৰু আৰক্ষী কনিষ্টবল জনে ট্ৰাক চালক চন্দন নাথক ক্ষমা নোখোজে তেতিয়ালৈকে ট্ৰাক চালক সন্থাই কোনো সামগ্ৰী পৰিবহন নকৰে বুলি হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে হয়বৰগাওঁ ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত দাসে এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰে ট্ৰাক চালক সন্থাই। ট্ৰাক চালক সকলৰ প্ৰতিবাদ নিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে ট্ৰাক চালক সন্থাই। এতিয়া এই ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ’ব লক্ষণীয় বিষয়।