হোজাই

১৩ ডিচেম্বৰ

নিজ সমষ্টিতে জ্বলিল বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি। হোজাইত “কা” বিৰোধী প্ৰতিবাদ কৰিবলৈ দিয়া নহ’ব বুলি শিলাদিত্য দেৱে দিছিল হুংকাৰ। ইয়াৰ পিছতে ডবকাত জ্বলিল বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি। কৰ’ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা “কা” আন্দোলন এবছৰ অতিক্ৰম কৰিলে। এবছৰ পিছত “কা”ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ।

দেশজুৰি প্ৰতিবাদৰ পিছতো নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হৈ “কা”লৈ ৰূপান্তৰিত হয়। ইয়াৰ মাজতো অব্যাহত আছে “কা” বিৰোধী আন্দোলন। কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰা “কা” আন্দোলনে ইতিমধ্যে সম্পূৰ্ণ কৰিলে এবছৰ। এবছৰ সম্পূৰ্নৰ হোৱাৰ পিছত পুনৰ “কা” বাতিলৰ দাবীত উত্তাল হৈ পৰিছে ৰাজপথ। ৰাজ্যত পুনৰ “কা” বিৰুদ্ধে আন্দোলনে গা কৰি উঠাত সমগ্ৰ ৰাজ্যতে “কা” বাতিলৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ। “কা” বাতিল দাবীত যোৱা দুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদ। ইয়াৰ মাজতে হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱৰ হুংকাৰ, হোজাইত সাব্যস্ত কেইবলৈ দিয়া নহ’ব “কা” বিৰোধী প্ৰতিবাদ। শিলাদিত্য দেৱৰ এই হুংকাৰে যেন জ্বলা জুইত ঘি ঢালিলে। হোজাইত “কা” বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়া নহ’ব বুলি দিয়া শিলাদিত্য দেৱৰ হুংকাৰৰ পিছতে শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। ডবকা নগৰৰ পুলিচ পইণ্টত সদৌ অসম ছাত্ৰ সন্থাই “কা” বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি দাহ কৰে বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিমূৰ্তি।

“কা” বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি সদৌ অসম ছাত্ৰ সন্থাই মন্তব্য কৰে যে হোজাই জিলাখন বিধায়ক শিলাদিত্য দেৱৰ পৈতৃক সম্প্ৰতি নহয়। “কা”ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো ধাৰাবাহিক প্ৰতিবাদ চলি যাব। “কা”‘ বাতিল নোহোৱা লৈকে সদৌ অসম ছাত্ৰ সন্থাই কা’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও মন্তব্য প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাই।