কুন্দন ভৰালী

নগাঁও

১০ নৱেম্বৰ

নগাঁৱত আকৌ ডিও কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি। বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰে এই নাৰ্ছিং হোমখন। এইবাৰ এগৰাকী মহিলা ৰোগীক নাৰ্ছিং হোমৰ এজন কৰ্মচাৰীয়ে মহিলা গৰাকীৰ ব্যক্তিগত অংশত হাত দিয়াৰ বাবেই সৃষ্টি হয় মাৰপিটৰ ঘটনা।

মঙলবাৰে নগাঁৱৰ ডিও কেয়াৰ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে কামপুৰ কচোৱাৰ পৰা আহিছিল এগৰাকী মহিলা ৰোগী। মহিলা ৰোগী গৰিকীক এক্স’ৰে কৰাৰ বাবে এক্স’ৰে ৰুমত প্ৰৱেশ কৰাৰ পিছত মহিলা গৰাকীয়ে স্বামীক এক গুৰুত্বৰ অভিযোগ কৰে। অভিযোগ অনুসৰি এক্স’ৰে ৰুমৰ বাহিৰত মহিলা ৰোগী গৰাকী পৰি যাব ধৰোঁতে ডিও কেয়াৰ নাৰ্চিং হোমৰ কৰ্মচাৰী অমূল্য দেৱনাথ নামৰ এজন কৰ্মচাৰীয়ে মহিলা গৰাকীৰ ব্যক্তিগত অংশত হাত দিয়ে। এই কথাত ক্ষুণ্ণ হৈ মহিলা ৰোগী গৰাকীৰ স্বামীয়ে অমূল্য দেৱনাথৰ লগত মাৰপিত কৰে। আনফালে ডিও কেয়াৰ নাৰ্চিং হোমৰ স্বত্বাধিকাৰ ফৰিদুল ইছলাময়ে এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হয়।

এতিয়া প্ৰশ্ন হয় এগৰাকী মহিলা ৰোগী কিমান সুৰক্ষিত ডিও কেয়াৰ নাৰ্চিং হোমৰ দৰে নাম থকা এখন নাৰ্ছিং হোমৰ কৰ্মচাৰীৰ হাতত ? আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব এইজন ডিও কেয়াৰৰ কৰ্মচাৰী অমূল্য দেৱনাথৰ ওপৰত সেইয়া হ’ব লক্ষণীয় বিষয়।