গুৱাহাটী

১১ নৱেম্বৰ

ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ স্থানীয় লোকসকলে অনুভৱ কৰাৰ লগতে অন্ধবিশ্বাস, ডাইনী কাণ্ড , দলব্ধ আক্ৰমন কিয় হয় জানি বুজি প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব। আমি জানিব লাগিব এই সমূহ কুসংস্কাৰৰ পৰা আমি কেনেকৈ মুক্তি লাভ কৰিব পাৰিম। সমাজৰ নেতৃত্ব প্ৰদান কৰা লোক সকলে নিজে জানি বুজিহে গ্ৰামঞ্চলৰ লোক সকলক সু-নেতৃত্ব প্ৰদান কৰিব পাৰিব। এই বিশ্লেষণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই ৰাষ্ট্ৰীয় অভিলেককাৰী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

যোৱা ৯ নমৱেম্বৰৰ পৰা কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট, ফুলঙ্কপেট, ডকমকা আদি অঞ্চলত অন্ধবিশ্বাস, ডাইনী কাণ্ড সোপা ধৰা, দলবদ্ধ আক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত কেইবাখনিয়ো সভা অনুষ্ঠিত হয়। ১০ নমৱেম্বৰ দিনা ডকমকাত অনুষ্ঠিত সভাত জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই যিখনি কথা বিশ্লেষণ কৰিছে এই কথাবোৰ আপোনালোক সামাজিক নেতা সকলে নিজ নিজ গাঁৱত গৈ হাতে কামে লাগি প্ৰয়োগ কৰক। তেতিয়াহে নিশ্চিত ভাৱে এনেবোৰ ঘটনা ৰোধ হ’ব। আৰক্ষী আধীক্ষক দেৱজিৎ দেউৰীয়ে আৰু কয় যে মহিলা সকলে কম বয়সৰ পৰা নিজ সন্তানক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব লাগিব।

ৰাষ্ট্ৰীয় অভিলেখকাৰী মানব অধিকাৰ তথা সমাজ কৰ্মী ডঃ শইকীয়াই অনুষ্ঠানত কয় যে বিজ্ঞানমনস্কতা তথা বৈজ্ঞানিক ধ্যান ধাৰণাই শিক্ষাৰ স্বাভাৱিকতাক বিকশিত কৰি মানসিক স্বাস্থ্যক সুস্থ সবল কৰে। সেয়ে নীৰৱছিন্ন প্ৰকৃত গুণগত শিক্ষাইহে সমাজ এখনক সুস্থ সবল কৰি তুলিব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক সংগঠন ‘ব্ৰাডাৰ্ছ’ৰ কৰ্মী সকলে এলানি বাটৰ নাট প্ৰদৰ্শন কৰে।