মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, সংবাদ ৩৬৫, ২৩ মাৰ্চ: শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাৰ্ঘেৰিটা সমষ্টিৰ বান, গৰাখহনীয়া ৰোধ কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়কক এখন প্ৰতিলিপি প্ৰেৰণ কৰে। প্ৰতিবাদী সকলে মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাওঁ পঞ্চায়তৰ এলেকাধীন মাইচাংপানী, লংগাঁৱৰ দিহিং নৈৰ পৰা খহনীয়াকে ধৰি সমষ্টিটোৰ অন্যান্য অঞ্চল সমূহৰ খহনীয়াৰ সমস্যা সমাধান কৰা, সমষ্টিটোৰ অন্তৰ্গত গাঁও সমূহৰ বাট পথ নিৰ্মাণ কৰা, মাৰ্ঘেৰিটা-লিডু- বৰগোলাইৰ জৰাজীৰ্ণ ৰাষ্ট্রীয় ঘাইপথ শীঘ্ৰে নিমাৰ্ণ কৰা, মাৰ্ঘেৰিটা মহকুমাৰ গাঁও সমূহত বৃদ্ধি পোৱা ড্ৰাগছ, কানিৰ অবৈধ ৰমৰমীয়া বেহা বন্ধ কৰা, মাৰ্ঘেৰিটা সমষ্টিত বিকল হৈ থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিবোৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায়।