কুন্দন ভৰালী

নগাঁও

১০ ডিচেম্বৰ

নগাঁৱত পুনৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী। নগাঁও আৰক্ষীয়ে ধাৰাবাহিক ভাৱে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন নগাঁও আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও সাফল্য। জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আটক হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী।

নগাঁৱত পুনৰ উদ্ধাৰ ড্ৰাগছ। নগাওঁ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়িক। ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ এটা দলে পুনৰ জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছ। উল্লেখ্য যে নগাঁৱৰ কাতিমাৰী পথাৰৰ বাবু খান নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ হিৰ’ইন। নগাওঁ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবিদুৰ ৰহমান, কুন্দন ৰবি দাস আৰু উপ-পৰিদৰ্শক মুন বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ দলে এক গোপন খবৰৰ ভিত্তিত কাতিমাৰী পথাৰৰ বাবু খান নামৰ লোক জনৰ ঘৰত অভিযান চলাই ড্ৰাগছসহ বাবু খানক আটক কৰে। উল্লেখ্য যে নগাঁও আৰক্ষীৰ এটা দল অসামৰিক পোছাকত থাকি আৰক্ষীৰ অন্য এটা দলৰ লগত যৌথ ভাৱে এই অভিযান সাফল্য কৰে।

নগাঁও আৰক্ষীৰ এই সাফল্যৰ পিছতে নগাওঁ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবিদুৰ ৰহমানে সংবাদ মাধ্যাক জানিবলৈ দিয়ে যে নগাঁও আৰক্ষী ধাৰাবাহিক ভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে। অনাগত দিনত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব। নগাঁও জিলাখনক সম্পূৰ্ণ ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ় দিয়াটো নগাঁও আৰক্ষীৰ অন্যতম লক্ষ্য বুলিও জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে।