ৰূপহীহাট

১০ ডিচেম্বৰ

ৰাইজৰ হাতত প্ৰাণ গ’ল বনৰীয়া গাহৰিৰ। লাওঁখোৱা অভয়াৰণ্যৰ বন কৰ্মীৰ অৱহেলা আৰু গাফিলিতিৰ বাবেই উত্তেজিত ৰাইজৰ হাতত প্ৰান গ’ল বনৰীয়া গাহৰিৰ। লাওঁখোৱা অভয়াৰণ্যৰ বন বিভাগৰ এনে অবহেলাক প্ৰকৃতিপ্ৰেমী ৰাইজে ধিক্কাৰ

বৃহস্পতিবাৰে নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰিক মেলেকাধিংত উত্তেজিত ৰাইজে আসুৰিক ভাৱে আক্ৰমণ কৰি নিধন কৰে। বনৰীয়া গাহৰিটোৱে কেইবাদিন ধৰি গাওঁখনৰ খেতি পথাৰ অনিষ্ট কৰি সন্ত্ৰাস চলাই আহিছিল আৰু বৃহস্পতিবাৰে উত্তেজিত ৰাইজে মেলেকাধিং গাঁৱত বনৰীয়া গাহৰিটোক দেখা পাই হাতে হাতে চোকা অস্ত্ৰ লৈ খেদি খেদি হত্যা কৰে বনৰীয়া গাহৰিটোক। উল্লেখ্য যে বনৰীয়া গাহৰিটোৱে বিগত তিনিদিন ধৰি গাঁওখনত খেতি পথাৰ অনিষ্ট কৰাৰ অভিযোগ তুলি একাংশ লোকে বন বিভাগক খৱৰ দিছিল যদিও বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। ৰাইজে বনৰীয়া গাহৰিটোক হত্যা কৰাৰ পিছত দগাঁও আৰক্ষী আৰু লাওঁখোৱা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত বনৰীয়া গাহৰিটোৰ মৃতদেহ চমজি লয়।

গাঁৱত বনৰীয়া গাহৰি ওলোৱাৰ খৱৰ বন বিভাগক ৰাইজে দিয়াৰ লগে লগে যদি বন বিভাগৰ লোক বনৰীয়া গাহৰিটোক বনাঞ্চললৈ খেদি পঠালে হয় তেন্তে হয়তো উত্তেজিত ৰাইজৰ হাতত এটা বনৰীয়া গাহৰিয়ে প্ৰান হাৰুৱাব লগা নহ’লে হয়। লাওঁখোৱা অভয়াৰণ্যৰ বন বিভাগৰ এনে অবহেলাক প্ৰকৃতিপ্ৰেমী ৰাইজে ধিক্কাৰ দিয়াৰ লগতে তদন্তৰ দাৱী জনাইছে।