নগাঁৱৰ পৰা ৱাহিদুদ জামান, সংবাদ ৩৬৫, ২৩ মাৰ্চ: নগাঁও জিলাত পুৰুষৰ পৈশাচিক কামনাৰ বলি হৈ সম্প্ৰতি মৃত্যুৰ যন্ত্রণাত ছটফটাই আছে এগৰাকী ১৩ বছৰীয়া পঞ্চম শ্রেণীৰ ছাত্রী। জিলাখনৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত শুক্ৰবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা ধৰ্ষণৰ ঘটনা। এগৰাকী ১৩ বছৰীয়া নাবালিকাক দলৱদ্ধ ধৰ্ষণ কৰি কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলায় তিনিজনকৈ ধর্ষণকাৰীয়ে। এই ঘটনাক কেন্দ্র কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হোৱাৰ লগতে এই ঘটনাই লজ্জিত কৰি তুলিছে সমগ্ৰ অসমবাসীক। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত ঘৰত কোনো নথকাৰ সুযোগলৈ একেখন অঞ্চলৰে তিনি পাষণ্ডই এগৰাকী ১৩ বছৰীয়া নাবালিকাক ঘৰৰ পৰা পথাৰলৈ উলিয়াই আনি দলৱদ্ধ ধৰ্ষণ কৰি নাবালিকা গৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই হত্যাৰ চেষ্টা চলায়। শৰীৰত জুই লগত নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ লোকে তেজে লুতুৰি পুতুৰি অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি প্ৰেৰণ কৰে। সম্প্ৰতি নাবালিকা গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এনে জঘন্য কাণ্ড সংঘটিত কৰা তিনি নৰপিশাচ ক্ৰমে জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হক বুলি জানিব পৰা গৈছে। এই জঘন্য ঘটনা সংঘটিত কৰিয়েই তিনি পাষণ্ডই নিজৰ নিজৰ পৰিয়ালসহ পলায়ন কৰে। এই ঘটনাৰ খবৰ পাই বটদ্ৰৱা আৰক্ষী, জাজৰি আৰক্ষী আৰু নগাঁৱৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ ঘটনাস্থলীত উপস্থিত হৈ তিনি পাষণ্ডক বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই। উক্ত তিনি পাষণ্ডৰ বিৰুদ্ধে নাবালিকা গৰাকীৰ পিতৃয়ে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি দুজন নাবালকক আটক কৰি মাৰাথান জেৰা অব্যাহ ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।