ৰঙিয়া, সংবাদ ৩৬৫, ২৪ মাৰ্চ: কামৰূপ জিলাৰ ৰঙিয়াত এনআৰচি’ৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে ৪০ বছৰ পিছত দুই ভাতৃৰ মিলন ঘটাত আনন্দত আত্মহাৰা হয় পৰে দুয়োটা পৰিয়াল সদস্য সকলে। গোৱালপাৰা জিলাৰ কিনন গাঁৱৰ গাৰো সম্প্ৰদায়ৰ দুই ভাতৃ ফিৰোজ চাংমা আৰু টিগলেশ চাংমাৰ ৪০ বছৰ পূৰ্বে বিবাহ সূত্ৰে গোৱালপাৰাৰ লয়াৰ চিলোক আৰু বকোৰ শান্তিপুৰত বসবাস কৰিবলৈ লোৱাত দুই ভাতৃৰ মাজত দুৰত্বটো বাঢ়ি যোৱাত অৱশেষত এজনে আনজনক পাহৰি পেলাই। এনআৰচি’ৰ বংশবৃক্ষৰ পুনৰীক্ষণ চলি থকা সময়ত লিগেচী ডাটাৰ বাবে ৰঙিয়াৰ মুৰাৰা এনআৰচি কেন্দ্ৰটোই দুই ভাতৃৰ লগতে ভতিজা ভাগিন কেন্দ্ৰটোত উপস্থিত থকাৰ বাবে জাননী প্ৰেৰণ কৰোতে শুক্ৰবাৰে সকলো আহি উপস্থিত হয় ৰঙিয়াৰ মুৰাৰা এনআৰচি কেন্দ্ৰটোত আৰু ইয়াতে সুদীৰ্ঘ ৪০ বছৰ পিছত দুটি পৰিয়ালৰ মাজত ঘটে মহা মিলন। এনআৰচি’ৰ বাবে দুই বিচ্ছিন্ন পৰিয়ালৰ মিলন ঘটাৰ দৃশ্যই কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে সকলোকে আবেগিক কৰি তোলে। উল্লেখ্য যে, এনআৰচি’ৰ বাবেই ৰঙিয়াত বিগত কিছুদিনত কেইবাটাও পৰিয়াল মিলন ঘটা পৰিলক্ষিত হোৱাত ৰঙিয়া হৈ পৰিছে বিচ্ছিন্ন পৰিয়ালৰ মিলন ভূমি।