নগাঁও, সংবাদ ৩৬৫, ৩ মাৰ্চ: নগাঁও জিলাৰ কচুৱাৰ ৰমনীপথাৰত শনিবাৰে পুৱা তিনিটাকৈ বনৰীয়া ম’হে সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে বনৰীয়া ম’হৰ আক্ৰমনত আমিৰ উদ্দিন আৰু হাচেন আলি নামৰ দুজন লোক আহত হয়৷ বনৰীয়া ম’হৰ আক্ৰমনত পেটৰ ভূৰ ওলাই গুৰুত্বৰ ভাৱে আহত হোৱা আমিৰ উদ্দিন নামৰ লোকজনক সংকট জনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে পথাৰত কামকৰি থকা অৱস্থাত হঠাৎ তিনিটা বনৰীয়া ম’হ আহি লোককেইজনক আক্ৰমন কৰাত দুজন লোক গুৰুত্বৰ বাবে আহত হয়। তিনিটাকৈ বনৰীয়া ম’হে অঞ্চলটোত সন্ত্ৰাস চলাই থাকোতে স্থানীয় লোকে বন বিভাগক খৱৰ দিয়ে যদিও ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে।