ৰঙিয়া, সংবাদ ৩৬৫, ৩ মাৰ্চ: ৰঙিয়াত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ বন্ধ কৰাৰ দাবীত ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শনিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ কৰে শতাধিক লোকে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰঙিয়াৰ মৰাণজানাৰ কামৰূপ ফুৱেলছ উদ্যোগত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত দুজনকৈ লোক অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। এই উদ্যোগটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত শনিবাৰে ৰাইজে প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰে। মৰাণজানাৰ কামৰূপ ফুৱেলছ নামৰ উদ্যোগত যোৱা ১৫ ফেব্ৰুৱাৰীত টেংকিত হোৱা বিস্ফোৰণৰ ফলত দুজনকৈ শ্ৰমিক অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাত ৰাইজে ঘাইপথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। উদ্যোগটোৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা, ভয়াবহ প্ৰদূষণ সৃষ্টি কৰা উদ্যোগটো বন্ধ কৰা আৰু মৃত শ্ৰমিকৰ পৰিয়ালক ২৹ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী ৰাইজে প্ৰতিবাদ কৰিছিল। ৰাইজৰ প্ৰতিবাদত ৰঙিয়া মহকুমা প্ৰশাসনে উদ্যোগটো সাময়িকভাৱে বন্ধ কৰাৰ আশ্বাস দিছিল কিন্তু বৰ্তমানলৈকে ৰঙিয়া মহকুমা প্ৰশাসনে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত শনিবাৰে মৰাণজানা অঞ্চলৰ ৰাইজে এক প্ৰতিবাদী সমদল উলিয়াই ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে উদ্যোগ কৰ্তৃপক্ষক আটক কৰি উদ্যোগটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদী ৰাইজে।