গোৱালপাৰা পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৪ মাৰ্চ: পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰখনৰ পৰিৱৰ্তনে ঢুকি পোৱা নাই ৰাজ্যৰ যাতায়ত ব্যৱস্থা। ৰাজ্যৰ পথসমূৰ অৱস্থা দিনক দিনে বিধস্ত হৈ পৰিছে। যাতায়তৰ বাবে অনুপযোগী পথ সমূহ নিৰ্মাণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজ প্ৰতিবাদ কৰিবলগীয়া হৈছে। কেতিয়াবা যদি ৰাইজে পথ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে, কেতিয়াবা আকৌ ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত হাল বোৱা আৰু মাছ ধৰা উৎসৱ উদযাপন কৰিছে। যিখন চৰকাৰৰ কৃপাদৃষ্টি বিশাল ঘাইপথ আৰু উপপথ সমূহৰ ওপৰত নপৰে সেইখন চৰকাৰৰ দৃষ্টি সৰু সুৰা দলংৰ ওপৰত পৰিব জানো? গোৱালপাৰাৰ জিলাৰ জলেশ্বৰৰ ফুলপুৰ আৰিকাটা অঞ্চলৰ ৰাইজ অপেক্ষাত আছে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনে কেতিয়া পৰিৱৰ্তন আনিব আৰিকাটা ফুলপুৰ সংযোগি দলংখনৰ। এই বাঁহৰ দলংখনেৰে ফুলপুৰ আৰিকাটা অঞ্চলৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে দৈনিক কেইবাহাজাৰ লোকে নিৰাপত্তাহীন ভাবে যাতায়ত কৰিবলগীয়া হৈছে। যাতায়তৰ বাবে অনুপযোগী বাঁহৰ দলংখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে চৰকাৰৰ কেইবাৰো অনুৰোধ জনাই আহিছে যদিও চৰকাৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ। ৰাইজৰ অভিযোগ দলংখনেৰে যাতায়ত কৰোতে দলংৰ পৰা পৰি কেইবাজনো লোকৰ মৃত্যু হৈছে যদিও চৰকাৰ তথা গঢ়কাপ্তনি বিভাগৰ লগতে স্থানীয় বিধায়কৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই। দলংখন নিৰ্মান আৰু গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে ২০১৬-১৭ চনৰ বিত্তীয় বৰ্ষত জামাদাৰহাট উন্নয়ন খণ্ডৰ পৰা এমজিএনৰেগা আঁচনিৰ অধীনত পাঁচ লাখটকীয়া আঁচনি গ্ৰহণ কৰা হৈছিল যদিও সেইখন আঁচনিৰ অধীনত এটকাৰো কাম নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। আঁচনিখনৰ ধন জামাদাৰহাট উন্নয়ন খণ্ডৰ বিষয়া সকলে সম্পূৰ্ণ আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। আঁচনিখনৰ ধন আত্মসাৎ কৰাত নিছিনপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা মুজাম্মেল হক জড়িত থকা বুলি দবী কৰিছে স্থানীয় ৰাইজে।