কুন্দন ভৰালী

নগাঁও

১৭ নৱেম্বৰ

নগাৱঁত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি। সমাধিক্ষেত্ৰতেই আৱক্ষ মূৰ্তি উন্মোচন কৰিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত স্থাপন হ’ল আৱক্ষ মূৰ্তি।

দীর্ঘসময়ৰ অন্তত নগাঁৱত স্থাপন হ’ল ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি। মাধ্যম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি মঙলবাৰে উন্মোচন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত স্থাপন হ’ল আৱক্ষ মূৰ্তি। ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি আজিৰ দিনটো এক স্মৰণীয় দিন বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন মূখ্য সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট লেখক শিবানন্দ কাকতি, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত ভাগৱতী, শ্বহীদ অনিল বৰাৰ পৰিয়ালৰ লোকৰ লগতে ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া। সুদীৰ্ঘ ৪৮ বছৰৰ অন্তত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ সমাধিক্ষেত্ৰত শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি স্থাপন কৰাত আনন্দ প্ৰকাশ কৰে শ্বহীদ অনিল বৰাৰ ভাতৃ অপূৰ্ব বৰাই। পূৰ্বেই শ্বহীদ অনিল বৰাৰ সমাধিক্ষেত্ৰত প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল। অৱশেষত নগাঁও জিলা ছাত্ৰ সন্থাৰ বৰ্তমানৰ বিষয়ববীয়াৰ তৎপৰতাত সম্ভৱ হৈ উঠিল ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তি।

শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা বৰ্তমানৰ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰশংসা কৰে শ্বহীদ অনিল বৰাৰ ভাতৃ অপূৰ্ব বৰাই। মঙবাৰে শ্বহীদ অনিল বৰাৰ সমাধিক্ষেত্ৰত উন্মোচন কৰা হয় অসম আন্দোলনৰ শ্বহীদ সকলৰ নাম ফলক।