নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ জানুৱাৰী : প্ৰচণ্ড গৰমৰ পিছতে এইবাৰ ঠেৰেঙা লগা জাৰে কঁপাইছে সমগ্ৰ দেশ। ২০১৯ বৰ্ষৰ শেষৰ ভাগলৈ কোনো কোনো ঠাইত ১.৭ ডিগ্ৰী চেলচিয়াছলৈ তাপমান নমা পৰিলক্ষিত হৈছে। ৰাজধানী দিল্লীতো ১১৯ বছৰীয়া জাৰৰ অভিলেখ ভংগ কৰিব বুলি আশংকা কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি নৱবৰ্ষৰ পহিলা দিনটোতে দিল্লী, উত্তৰ প্ৰদেশ, দক্ষিণ হাৰিয়ানা, উত্তৰ ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু ছত্তিশ গড়ত তীব্ৰ ঠাণ্ডা বতাহ আৰু বিজুলীৰ লগতে বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

বছৰৰ দ্বিতীয়তো দিনটো এই ৰাজ্যকেইখনৰ লগতে পশ্চিম বংগ, ঝাৰখণ্ড, চিকিম আদিত প্ৰচণ্ড ঠাণ্ডা বতাহ বলাৰ লগতে বৰষুণৰ সম্ভাৱনা আছে।

ইফালে জম্মু-কাশ্মীৰতো বৰফৰ মাজতেই জনসাধাৰণে আদৰিছে নৱবৰ্ষক।

আনহাতে গুৱাহাটী মহানগৰীতো মহানগৰবাসীক কঁপাই গৈছে শীতে। সমগ্ৰ মহানগৰী ঘন কুঁৱলীয়ে আৱৰি ৰখা পৰিলক্ষিত হৈছে।