গুৱাহাটী

২৮ জুলাই

এটা বিশেষ ভিডি’অ, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই ভিডি’অ। নদীৰ মাজৰ পৰা এগৰাকী মাতৃৰ সন্তানক উদ্ধাৰ কৰা ভিডি’অ। উদ্ধাৰ অভিযানত মাহীয়েকৰ ভূমিকাই বিশেষভাৱে আকৰ্ষণ কৰিছে সকলোকে।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভোলা নদীৰ এক বিশেষ ভিডি’অ। ভিডি’অটোত দেখিবলৈ পোৱা গৈছে মাতৃ স্নেহৰ এক বিৰল দৃশ্য। ভূটানৰ পৰা বৈ অহা পাহাৰীয়া ভোলা নৈৰ কোবাল সোঁত পৰা এটি কণমানি হাতীৰ পোৱালিক পাৰলৈ উঠাই অনাৰ চেষ্টা হাতীৰ পোৱালিটোৰ মাতৃৰ লগতে অন্য এটা হাতীৰ। জানিব পৰা মতে এগৰাকী বন বিষয়াই এই বিশেষ ভিডি’অটো নিজৰ টুইটাৰ একাউণ্টত আপলোড কৰিছে।