বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, সংবাদ ৩৬৫, ১ জুনঃ বঙাইগাঁও জিলাৰ পাগলাস্থানস্থিত ফলৰ বজাৰত জিলা প্ৰশাসন আৰু অসামৰিক যোগান আৰু খাদ্য বিভাগৰ এটি দলে অভিযান চলায়। পাগলাস্থান ফলৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে আপেল, আম, কলকে ধৰি বিভিন্ন ফলত ৰাসায়নিক দ্ৰব্য মিহলাই ব্যৱসায় চলায় থকাৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসন আৰু অসামৰিক যোগান আৰু খাদ্য বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা ফল জব্দ কৰে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰাসায়নিক দ্ৰব্য মিহলোৱাৰ ফলৰ লগতে বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে আপেলত মম জাতীয় দ্ৰব্য মিহলাই আপেলৰ ৰং উজ্জ্বল কৰি ক্ৰেতা ৰাইজক আকৰ্ষিত কৰিবলৈ বজাৰত মেলি দিয়াৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাইজৰ অভিযোগৰ ভিত্তিত আব্দূল মান্নান আৰু ময়নাল শ্বেখ নামৰ দুজন ফল ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিছে। বঙাইগাঁও জিলা উপায়ুক্ত বাবুলাল শৰ্মাৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু আৰক্ষীৰ দলে ফলৰ বজাৰখনত অভিযান চলাই আপেলৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে আৰু পৰীক্ষাগাৰৰ পৰা ৰিৰ্পোট অহাৰ পিছতেহে নিশ্চিত হোৱা যাব যে আপেলত জনস্বাস্থ্যৰ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য মিহলোৱা হৈছিল নে নাই।