আজিজ আলী
নলবাৰী
২৭ নৱেম্বৰ

নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবডী‌ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলিৰ। নলবাৰী জিলা সাহিত্য সভাও অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

অসমৰ ৰাজনীতি মহীৰূহ কলিয়াবৰ লোকসভা সমষ্টিৰ ছয়বাৰৰ সাংসদ আৰু তিনিবাৰৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যূৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কেকান কাপলাবডী‌ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আয়োন কৰে। শ্ৰদ্ধাঞ্জলি অনুস্থানত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সৎগতি বাবে এক মিটিত মৌন প্ৰাথৰ্না কৰা হয়। অনুষ্ঠানত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি ও মাল‍্যাপণ কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। বৰক্ষেত্ৰী আঞ্চালিক পঞ্চায়তৰ সভাপতি নাচিৰ প্ৰাধানী আৰু কেকানক কাপলাবডী‌ মহিলা মণ্ডলৰ কংগ্ৰেছৰ সভানেত্ৰী ৰীনা মনি বড়ো উপস্থিত থাকে।জিলাখনৰ সাহিত্য সভাও অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সুভদ্ৰা চৌধুৰী ভৱনত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ স্মৃতি তৰ্পণ কৰি প্ৰদান কৰা ভাষণত অসমৰ সমাজ জীৱনলৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অৱদান সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। অসমৰ এগৰাকী ৰাজনীতিবিদ হিচাপেই নহয় এগৰাকী সঁ‌চা মানুহ হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ অসমবাসী ৰাইজৰ মাজত সদায় জীয়াই থাকিব বুলি মন্তব্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ চিৰতৰুণ হৈ থাকিব বুলিও জিলা সাহিত্য সভাৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া দিবাকৰ কলিতাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জীৱন কৰ্মৰ বিষয়ে বৰ্ণনা কৰে। স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কৰ্মজীৱন আৰু আদৰ্শৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে।

অনুষ্ঠানত লেখিকা কবিতা ডেকা তালুকদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা আৰু শ্বাহ আলম আহমেদ, নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক মৃণ্ময় শৰ্মা, সাংগঠনিক সম্পাদক জয়চন্দ্ৰ শৰ্মা, আৰ্য শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ ভট্টাচাৰ্য, নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱ তালুকদাৰ, জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বিপুল চক্ৰৱৰ্তী, সাহিত্যানুৰাগী নৱদীপ বৰকটকী প্ৰমুখ্য কেইবাগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপন কৰে ।