গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মেঃ ১৩ লাখ টকা মূল্যৰ কানিসহ অসম আৰক্ষীৰ এছটিএফ’ৰ এজন জোৱানক গুৱাহাটী শুল্ক বিভাগৰ সৰবৰাহ বিৰোধী শাখাই আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে সোমবাৰে গুৱাহাটী শুল্ক বিভাগৰ সৰবৰাহ বিৰোধী শাখাই এক অভিযান চলাই মহানগৰীৰ এইএছবিটি’ৰ পৰা নিৰেণ বৰা নামৰ এজন অসম আৰক্ষীৰ এছটিএফ’ৰ জোৱানক ১৩ কেজি কানিসহ আটক কৰে। শুল্ক বিভাগৰ সৰবৰাহ বিৰোধী শাখাই অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।