ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৮ মেঃ বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰায় ২ শতাধিকৰো অধিক প্ৰতিবাদী ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত শুক্ৰবাৰে ডিগবৈত বিধায়ক সুৰেন ফুকনৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে৷ শুক্ৰবাৰে দিনৰ ভাগত ডিগবৈ সমষ্টি অন্তৰ্গত মাকুম বাৰেকুৰি অঞ্চলৰ পৰা বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ প্ৰায় ২ শতাধিকৰো অধিক প্ৰতিবাদকাৰীৰে মটৰ চাইকেলৰে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ কপাই টিংৰাইস্থিত বিধায়ক সুৰেন ফুকনৰ ঘৰত উপস্থিত হয়৷ বিধায়ক সুৰেন ফুকনৰ পদুলিত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মূৰ্দাবাদ, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, জাতীয় নায়ক কাম নাই শ্ল’গানৰে বিধায়কৰ ঘৰ কপাই তুলে৷ প্ৰতিবাদকাৰী সকলে প্ৰায় এক ঘণ্টা সময় ধৰি বিধায়ক সুৰেন ফুকনৰ পদূলিত প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি ৰাখে৷ প্ৰতিবাদকাৰী সকলে অসমীয়া জাতিৰ এই সন্ধিক্ষনত ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধি সকলে নিৰব ভূমিকা পালন কৰা কাৰ্যক সমালোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অচিৰেই অসম চৰকাৰৰ প্ৰতিজন বিধায়কে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে৷