ৰঙিয়া, সংবাদ ৩৬৫, ১৮ মেঃ ৰঙিয়াৰ সমীপৰ জয়ন্তীপুৰ নিবাসী সতীশ বৈশ্যৰ কনিষ্ঠ কন্যা তথা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিয়া কৰাবলৈ আহি ৰঙিয়া আৰক্ষীৰ হাতত আটক হ’ব লগীয়া হ’ল এজন লোক। ঘটনাৰ বিবৰনী মতে জয়ন্তীপুৰৰ তপন কলিতা, খৰ্গে কলিতা আৰু লক্ষী কলিতাই ৰাজস্থানৰ বাসিন্দা মহেন্দ্ৰ শৰ্মাৰ লগত মিতিৰালী কৰি বৃহৎ টকাৰ লেনদেনত সতীশ বৈশ্য নামৰ অতি দৰিদ্ৰ লোকজনৰ কনিষ্ঠ কন্যাক মহেন্দ্ৰ শৰ্মাৰ লগত বিয়া দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে বৃহপতিবছৰে (১৭ মে’ত) বিয়াৰ আলোচনা কৰি শুক্ৰবাৰে (১৮ মে’ত) ৰঙিয়া আদালতলৈ বিয়াৰ অহাত সতীশ বৈশ্যৰ অতি কম বয়সৰ কন্যাক দেখা পোৱাৰ লগতে মহেন্দ্ৰ শৰ্মা আৰু শৰ্মাৰ লগত থকা ব্যক্তি দুজনৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত ৰাইজে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহেন্দ্ৰ শৰ্মা আৰু শৰ্মাৰ লগত থকা ব্যক্তি দুজনক আটক কৰাৰ লগতে ছোৱালীজনীৰ দেউতাকক থানালৈ লৈ যায়। আনহাতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত সমগ্ৰ ঘটনাৰ ষড়যন্ত্ৰ কৰা তপন কলিতা, খৰ্গে কলিতা আৰু লক্ষী কলিতাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জানিব পৰামতে মহেন্দ্ৰ শৰ্মা আৰু শৰ্মাৰ লগত থকা ব্যক্তি দুজন মানৱদেহ সৰবৰাহকাৰী কামৰ লগত জড়িত আৰু দৰিদ্ৰ পৰিয়ালৰ বহুকেইজনী ছোৱালীক মহেন্দ্ৰ শৰ্মাই বিয়া কৰাই বহি ৰাজ্যত বিক্ৰী কৰা বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে। ৰাইজৰ সহযোগত বিশেষ তৎপৰতাৰে মানৱদেহ সৰবৰাহকাৰী কেইজনক আটক কৰাত স্থানীয় ৰাইজে ৰঙিয়া আৰক্ষীৰ শলাগ লয় ।