বৰখলা, সংবাদ ৩৬৫, ১৮ মেঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ কাম চলি থকাৰ মাজতে বৰখলাৰ বিজেপি বিধায়ক কিশোৰ নাথলৈ বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰিছে জাননী। বিজেপিৰ বিধায়ক গৰাকীৰ পত্নী নিলীমা নাথসহ পৰিয়ালৰ ৬ গৰাকী সদস্যলৈ বিদেশীৰ সন্দেহত বিদেশী ন্যায়াধীকৰণে জাননী প্ৰেৰণ কৰিছে। কাছাৰৰ ১নং বিদেশী ন্যায়াধীকৰণৰ আদালতে বিধায়ক কিশোৰ নাথৰ পত্নী নীলিমা নাথসহ চাৰিগৰাকী ভাতৃ ক্ৰমে মতিলাল নাথ, প্ৰদীপ নাথ, জগদীশ নাথ, মাণিক নাথ আৰু ভাই বোৱাৰী ৰাখী নাথলৈ জাননী প্ৰেৰণ কৰিছে। বিদেশী ন্যায়াধীকৰণৰ আদালতে বিদেশীৰ সন্দেহত জাননী প্ৰেৰণ কৰক লৈ বিধায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ভুলৰ বাবেই আজি আমি ভুক্তভোগী। বিধায়ক গৰাকীয়ে আৰু কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অৰ্থাৎ ২০০৮ৰ পৰা ২০১১–১২ লৈকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ কাম চলি আছিল আৰু সেই সময়ত কংগ্ৰেছ চৰকাৰে বিদেশী ধৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীৰ সীমান্ত শাখাক। চৰকাৰী নিৰ্দেশ পোৱাৰ পিছত চাকৰি বচাবলৈ উপায় নাপাই কিছুমান বিষয়াই ঘৰ নাইবা কাৰ্যালয়তে বহি কিছুমান মানুহৰ নাম সন্দেহযুক্ত বাংলাদেশী বুলি তালিকা বনাইছিল। তেনেকৈয়ে মোৰ লগতে মোৰ পৰিয়ালৰ নামো আহিছে।