কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৯ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক  বাতিলৰ দাবীত শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু জনীয়া বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল খালেক। কংগ্ৰেছ প্ৰতিবাদ সকলে বেনাৰ পোষ্টাৰ লৈ কলগাছিয়া বজাৰৰ মাজমজিয়াৰে খোজকাঢ়ি চৰকাৰ আৰু বিধেয়ক বিৰোধী বিভিন্ন শ্ল’গানেৰে কলগাছিয়া ৰাজহ চক্ৰবিষয়া কাৰ্যালয় উত্তাল কৰি তোলে। জনীয়াৰ বিধায়ক আব্দুল খালেকে চক্ৰ বিষয়াৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি কয় যে, বৰাকৰ কংগ্ৰেছী নেতা সকলে নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰা নাই, তেওঁলোকে ২০১৪ চনৰ ভোটাৰ তালিকাখন কাৰ্যকৰী কৰাৰ কথাহে কৈছে। কিছুমান সংবাদ মাধ্যমৰহে বুজাত ভুল হৈছে। ইফালে, মন্ত্ৰী ৰাজেন গোহাঁইয়ে এনআৰচিৰ কামত বিধিপথালি দিয়াৰ অভিযোগ কৰি, এনআৰচিৰ কামত বিধি পথালি দিয়া ব্যাক্তি সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কৈছিল যে এনআৰচিৰ কামত বাধাৰ সৃষ্টি কৰা ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।