বাক্সা, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ  বাক্সা জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ  দ্বাৰকুছিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দুৰ্বৃত্তই ইটাৰে মাৰি আৰু দেগাৰেৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰিলে ৪০ বছৰীয়া এজন লোকক। দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰি মৃত লোকজনক ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায়। শনিবাৰে পুৱা স্থানীয় ৰাইজে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। নিশাৰ ডকাইতি কাণ্ড সংঘটিত কৰি দুৰ্বৃত্তই লোকজনক এনেদৰে হত্যা কৰিলে নে কোনো ব্যক্তিগত শত্ৰুতাৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই।   ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ চিনাক্ত হোৱা নাই নিহত লোকজনৰ পৰিচয়।