আব্দুল্লাহ শেখ

হাটশিঙিমাৰী

৫ আগষ্ট

বান প্ৰভাৱিত অঞ্চলত পশুৰ বাবে বান সাহায্য হিচাপে প্ৰদান পশুখাদ্য আৰু তিৰপাল বিতৰণত অনিয়মৰ অভিযোগ। বৃহৎ পৰিমাণৰ পশুখাদ্য কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ গাঁও পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে। দক্ষিণ শালমাৰাৰ হাজিৰহাট গাঁও পঞ্চায়তৰ সদস্যক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী।

এটাৰ পাছত আনটো বানপানীয়ে জুৰুলা কৰা ৰাজ্যৰ লাখ লাখ বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। ঘৰ-দুৱাৰ, ভঁৰাল ধান, পথাৰৰ শস্য সকলো বানৰ পানীত বিনষ্ট হৈ পৰাত দুবেলা দুমুঠি খাবলৈ সংগ্রাম কৰিব লগাত পৰিছে বান প্ৰভাৱিত অঞ্চলৰ ৰাইজ। মানুহৰ সমান্তৰালে পোহনীয়া পশু সমূহৰ মাজতো দেখা দিছে খাদ্য সংকট। চৰকাৰে বান সাহায্যৰ নামত বানাক্ৰান্ত ৰাইজৰ লগতে পশুৰ বাবে খাদ্য যোগান ধৰা পৰিলক্ষিত হৈছে যদিও ইয়াৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাজিৰহাট গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডত পশুৰ বাবে বান সাহায্য হিচাপে অহা পশুখাদ্য আৰু তিৰপাল বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্ত ৰাইজে। পঞ্চায়ত সদস্য নাশিম বানু আৰু পঞ্চায়ত সদস্য গৰাকীৰ অভিভাৱক আব্দুল ৰশিদ পশুখাদ্য আৰু তিৰপাল বিতৰণত খেলিমেলি কৰি বৃহৎ পৰিমাণৰ পশুখাদ্য কলা বজাৰত বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে। পঞ্চায়ত সদস্য গৰাকীয়ে প্ৰকৃতে পশুধন থকা বানাক্ৰান্তক পশুখাদ্য বিতৰণ নকৰি ভূৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি বৃহৎ পৰিমাণৰ পশুখাদ্য চুবুৰীয়া ৰাজ্য মেঘালয়ত বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈছে।

একাংশ বানাক্ৰান্ত ৰাইজে এই দুৰ্নীতিৰ উচিত তদন্তৰ দাবী জনাই গাঁও পঞ্চায়ত সদস্য নাশিম বানু আৰু পঞ্চায়ত সদস্য গৰাকীৰ অভিভাৱক আব্দুল ৰশিদক গ্ৰেপ্তাৰ কৰাৰ দাবীত জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। বান সহায্যৰ পৰা বঞ্চিত বহু ৰাইজে বান সাহায্যকলৈ সংঘটিত হোৱা এই দুৰ্নীতিৰ উচিত তদন্তৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে। চৰকাৰী বান সাহায্যৰ নামত লুন্ঠন চলোৱা এনে দুৰ্নীতি পৰায়ন জনপ্ৰতিনিধিৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্ত্তী সময়ত হে লক্ষ্যণীয় হ’ব।