কুন্দন ভৰালী

নগাঁও

১২ জুলাই

নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে ৰাইজৰ অভিযান। ৰাইজে উচ্ছেদ কৰিলে নিচা জাতীয় সামগ্ৰীৰ ঘাটি। আৰক্ষীক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজ নিজে নামিল নিচা জাতীয় সমগ্রীৰ ঘাটি উচ্ছেদ অভিযানত। নিচা জাতীয় সমগ্রীসহ ৰাইজে আটক কৰা দহজন লোক পলায়ন।

নিচা জাতীয় সমগ্ৰীৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল। জিলাখনৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিচা জাতীয় সমগ্ৰীৰ বেহা। আৰক্ষীয়ে নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত নগাঁওত বৃহৎ পৰিমাণ নিচা জাতীয় সমগ্ৰী জব্দ কৰাৰ লগতে এই অবৈধ বেহাৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সিমানে এই অবৈধ বেহা বৃদ্ধি পাইছে জিলাখনত। নিচা জাতীয় সমগ্ৰীৰ কবলত পৰি নগাঁও জিলাৰ যুৱ প্ৰজন্ম এক অন্ধকাৰ পথেৰে আগুৱাই গৈছে নিজৰ জীৱনটোক ধ্বংস কৰিবলৈ। ইতিমধ্যে নগাঁৱত বহু যুৱক-যুৱতী নিচা জাতীয় সমগ্ৰীৰ সেৱৰ ফলত অতি কম বয়সতে মৃত্যুৰ মুখত পৰাও দেখিবলৈ পোৱা গৈছে। নিচাৰ কবলত পৰা জিলাখনৰ যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ বাবে এইবাৰ কঁকালত টঙালি বান্ধিছে ৰাইজে। দেওবাৰে নগাঁৱৰ চলচলীৰ আমতলাত স্থানীয় ৰাইজে নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰে নিচা জাতীয় সমগ্রী বিক্ৰী কৰা এক ঘাটি। আমতলাৰ আব্দুল কাদিৰ নামৰ এজন লোকৰ পুত্ৰ ৰচিদুল হকে দীৰ্ঘদিন ধৰি নিজৰ ঘৰৰ পৰাই নিচা সামগ্ৰীৰ বেহা চলাই আহিছিল।দেওবাৰে কেইজনমান লোকে আব্দুল কাদিৰৰ ঘৰত নিচা জাতীয় সমগ্ৰী ক্রয়া কৰিবলৈ আহত স্থানীয় ৰাইজে কাদিৰৰ ঘৰত অভিযান চলাই লোক সকলক আটক কৰি বহু নিচা জাতীয় সমগ্রী উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত ৰাইজে আটক কৰি ৰখা দহজন লোক ৰাইজৰ কবলৰ পৰা পলায়ন কৰে।

দীৰ্ঘদিন ধৰি আব্দুল কাদিৰৰ পুত্ৰই নিজৰ ঘৰতে নিচা জাতীয় সমগ্ৰীৰ বেহা চলাই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰে যে এই সম্পৰ্কে আৰক্ষীজ কেইবাবাৰো অৱগত কৰা হৈছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে। আৰক্ষীয়ে যদি অতি শীঘ্ৰে অঞ্চলটোক নিচা জাতীয় সমগ্রী মুক্ত নকৰে তেন্তে ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৰাইজে।