আনিছুৰ আলী

গৌৰীপুৰ

১২ জুলাই

পুনৰ বানৰ কবলত পৰিছে নামনি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল। জিলাখনত বানৰ কবলত পৰা বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ। বাঢ়নী পানীত ককবকাই থকা ৰাইজৰ খবৰ লবলৈ সময় নাই জন প্ৰতিনিধিৰ। বি টি এ ডিৰ অন্তৰ্গত পৰ্বতঝোৰাৰ বানাক্ৰান্তৰ বিননি কোনে শুনিব?

যোৱা কেইদিনমানৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ ধুবুৰী জিলাত নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ, টিপকাই, গৌৰাং আৰু গধাদৰ নৈ। নৈ সমূহৰ বাঢ়নী পানীয়ে ইতিমধ্যে জিলাখনৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰি পেলাইছে। এফালে জিলাখনত চলিছে বানপানীৰ তাণ্ডৱ, আনফালে ব্ৰহ্মপুএ আৰু টিপকাই নৈৰ তীব্ৰ গৰাখহনীয়াৰ কৱলত পৰিছে গৌৰীপুৰ, বিলাসীপাৰা আৰু ধুবুৰী বিধান সভা সমষ্টিৰ কেইবাখন নৈ পৰিয়া গাঁও। তীব্ৰ গৰাখহনীয়াৰ ফলত ধুবুৰী জিলাৰ শ শ বিঘা কৃষিভূমিৰ লগতে ভেটি মাটি, চৰকাৰী অনষ্ঠান-প্ৰতিষ্ঠান জাহ গৈছে নৈৰ বুকুত। ইফালে প্ৰৱল বানপানীৰ ফলত কূষক সকলৰ মৰাপাট, ধান শাক-পাচলি পানীৰ তলত বুৰ গৈ বিনষ্ট হ’বলৈ ধৰাত মূৰে কপালে হাত দিছে কৃষক সকল। বিভিন্ন বেংকৰ পৰা ঋান লৈ খেতি কৰা কৃষক সকলৰ শস্য বানপানীয়ে বিনষ্ট কৰাত বেংকৰ ঋান পৰিশোধ কৰাকলৈ কৃষক সকল চিন্তিত হৈ পৰিছে। ধুবুৰী লগতে বি টি এ ডিৰ অন্তৰ্গত পৰ্বতঝোৰাতো বানাক্ৰান্ত ৰাইজৰ মাজত একে দূশা। পৰ্বতঝোৰাৰ মদাতী, দেবীতোলা, কাজিগাঁও আৰু জালাবিলাৰ কেইবা শতাধিক পৰিয়াল বানপানীৰ কৱলত পাইছে।

বানৰ কবলত পৰি ককবকাই থকা ৰাইজে বৰ্তমানলৈকে কোনো এজন জন প্ৰতিনিধিক কাষত নাপাই ক্ষোভিত হৈ পৰিছে। ধুবুৰী লোৰসভা সমষ্টিখন এ আই ইউ ডি এফ দলৰ দখলত থকাৰ লগতে গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম আৰু ধুবুৰী বিধান সভা সমষ্টি এ আই ইউ ডি এফৰ দখলত আছে যদিও এই পৰ্যন্ত এ আই ইউ ডি এফ দলৰ পৰা কোনো এজন নেতাই বানাক্ৰান্ত ৰাইজক খবৰ নোলোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। আনকি শাসকীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰনৰ সহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্ত ৰাইজে৷