গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জানুৱাৰী : তৃতীয়খন ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তিৰ পিছত আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত এনেদৰে কয় শৰ্মাই । শৰ্মাই কয় যে বড়ো শান্তি চুক্তিৰ দৰেই আলফাৰ লগতো শান্তি আলোচনা কৰিব কেন্দ্ৰীয় চৰকাৰে।

এই চুক্তিৰ উল্লেখনীয় দিশটো হ’ল অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাটো। এই চুক্তিৰ পিছত পৃথক ৰাজ্যৰ দাবী আৰু নাথাকিব। বড়ো চুক্তিখনৰ সন্দৰ্ভত এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে ।