গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল : ৰঙালী বিহুৰ দিনাই মহানগৰীৰ পিংকি ভট্ট আৰু প্ৰবোধ ভট্ট নামৰ স্বামী-স্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে লকডাউন অব্যাহত থকালৈকে দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত বিতৰণ কৰি যাব খাদ্য সামগ্ৰী। ২৮ মাৰ্চৰ পৰা ১৩ এপ্ৰিল পৰ্যন্ত ৩ হাজাৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই। সংকটৰ এই সময়ত দুখীয়া শ্ৰেণীৰ ৰাইজৰ বাবে ওলাই আহিব লাগে প্ৰতিজন সমৰ্থবান ব্যক্তি এই আহ্বান পিংকি ভট্ট আৰু প্ৰবোধ ভট্টৰ।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ যাতে দেশত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত লকডাউন ঘোষণা কৰিছে। লকডাউনৰ এই সময়ত চৰকাৰে দুখীয়া শ্ৰেণীৰ ৰাইজৰ বাবে সময়ে সময়ে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও এই শ্ৰেণীৰ ৰাইজৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটৰ। বহু লোক চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত হোৱাৰ বাতৰিও প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত। এনে ক্ষেত্ৰৰ এই সকল লোকৰ একমাত্ৰ ভৰসা হৈ পৰিছে সমাজৰ সমৰ্থবান ব্যক্তি সকল। ইয়াৰ মাজতে কিন্তু সমৰ্থবান ব্যক্তি সকল নিৰাশ কৰা নাই দুখীয়া শ্ৰেণীৰ ব্যক্তি সকলক। বিভিন্ন জনে নিজৰ নিজৰ সামৰ্থ অনুযায়ী ওলাই আহিছে এই সকল লোকক সহায়ৰ বাবে। গুৱাহাটীৰ লালগণেশ অঞ্চলৰ পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই কেন্দ্ৰ চৰকাৰে লাকডাউন ঘোষণা কৰাৰ পিছৰে পৰা প্ৰতিদিনে দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত বিতৰণ কৰি আছে খাদ্য সামগ্ৰী। গুৱাহাটী মহানগৰীৰ লগতে মহানগৰীৰ বাহিৰত থকা গাঁও সমূহৰ ৰাইজৰ মাজতো পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই বিতৰণ কৰি আছে বিভিন্ন খাদ্য সমগ্ৰী। সোমবাৰেও পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই নিজৰ বাসগৃহত লালগণেশ অঞ্চলৰ শতাধিক দুখীয়া পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সমগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে, পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই লকডাউন আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে ৩ হাজাৰ দুখীয়া পৰিয়ালৰ লোকৰ মাজত খাদ্য সমগী বিতৰণ কৰিছে। আগন্তক দিনটো লকডাউন অব্যাহত থকালৈকে পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই এনেদৰে দুখীয়া শ্ৰেণীৰ পৰিয়ালৰ মাজত খাদ্য সমগ্ৰী বিতৰণ কৰি যাব বুলি জানিবলৈ দিয়ে। ১০ হাজাৰ দুখীয়া পৰিয়ালৰ মাজত পিংকি ভট্ট আৰু প্ৰবোধ ভট্টই খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সংকল্প গ্ৰহণ কৰিছে।