গুৱাহাটী, সংবাদ ৩৬৫, ১৪ এপ্ৰিল : সোমবাৰে নিশাৰ ভাগত ৩১ জনলৈ বৃদ্ধি পালে অসমত কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে দিনৰ ভাগত অসমৰ ধুবুৰী জিলাত এজন লোকৰ শৰীৰত মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ধান লাভ কৰাৰ পিছতে নিশাৰ ভাগত পুনৰ গোৱালপাৰা জিলাৰ এজন লোকৰ শৰীৰত মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ধান লাভ কৰা বুলি টুইট যোগে সদৰী কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চীনৰ পৰা আৰম্ভ হোৱা কভিড-১৯ কৰ’ণা ভাইৰাছে বিশ্বৰ ২০৬ খন দেশত সন্ত্ৰাস চলাই থকাৰ সমান্তৰাল ভাৱে সমগ্ৰ বিশ্বতে কেইবালক্ষাধিক লোকৰ মৃত্যু হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছত। চীন, ইটালী, ফ্ৰান্স, আমেৰিকা আদি দেশৰ পিছত ভাৰততো ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। উল্লেখ্য যে যোৱা ৩১ মাৰ্চত অসমৰ কৰিমগঞ্জ জিলাত পোনপ্ৰথমে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা এজন লোকৰ কথা পোহৰলৈ অহাৰ পিছৰেপৰা ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে দিনৰ ভাগত ৰাজ্যত ৩০ জনকৈ লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ পিছতে নিশা ৩১ জনলৈ বৃদ্ধি পাই মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে দিনৰ ভাগত ধুবুৰী জিলাৰ এজন ব্যক্তিৰ দেহত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ধান পোৱাৰ পিছত নিশাৰ ভাগত গোৱালপাৰা জিলাৰ এজন ব্যক্তিৰ দেহত পুনৰ সন্ধান লাভ কৰে মাৰাত্মক কৰ’ণা ভাইৰাছৰ। গোৱালপাৰা জিলাত নতুনকৈ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকজনে দিল্লীৰ তবলীগ জামাতত অংশগ্ৰহণ কৰা এজন ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল বুলিও জানিবলৈ দিয়ে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে অসমত বৰ্তমান সময়লৈ মুঠ ৩১ জন লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছত। ৩১জন কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকসকলৰ মুঠ ২৯ জনেই অংশগ্ৰহণ কৰিছিল নতুন দিল্লীৰ তবলীগ জামাতত। এজন ব্যক্তি তবলীগ জামাতত অংশগ্ৰহণ কৰা ব্যক্তিৰ সংস্পর্শলৈ আহি কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পৰিবৰ্তে তবলীগ জামাতত অংশগ্ৰহণ নকৰা গুৱাহাটী মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ এজন ব্যক্তিও আক্ৰান্ত হৈছিল মাৰাত্মক কৰ’ণা ভাইৰাছত আৰু ইয়াৰ পিছতে প্ৰশাসনে সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে বিলাসী স্পেনিছ গাৰ্ডেন।