গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল: উত্তৰ পূৱৰ ৩৬ জনকৈ লোক মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ সময়তে অসমত ৩০ জনলৈ বৃদ্ধি পালে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে অসমৰ ধুবুৰী জিলাত পুনৰ এজন লোকৰ দেহত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ধান পোৱা বুলি টুইট যোগে সদৰী কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশ্বৰ প্ৰায় সংখ্যক দেশতে মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস বিৰাজমান। বিগত দিনত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াবহৰূপত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। ইয়াৰ লগতে মৃত্যুমুখত পৰাও দেখা গৈছে বহু লোক।ভাৰতৰ উত্তৰ পূৱত কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা কিছু পৰিমানে কমি আছিল যদিও ৩১ মাৰ্চত অসমৰ কৰিমগঞ্জ জিলাত পোনপ্ৰথমে কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকজনৰ কথা পোহৰলৈ আহিছিল। ইয়াৰ পিছতে অসমত প্রায় প্ৰতিদিনে বৃদ্ধি পাইছিল মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। সোমবাৰে অসমৰ ধুবুৰী জিলাৰ এজন ব্যক্তিৰ দেহত পুনৰ মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ধান পোৱা বুলি অৱগত কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীৰ মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকজনে দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত অংশগ্ৰহণ কৰিছিল বুলিও টুইট যোগে সদৰী কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে উত্তৰ পূৱত ৩৬ জনকৈ লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ সময়তে দেওবাৰে নাগালেণ্ডৰ এজন ব্যক্তিৰ দেহত সন্ধান পোৱা গৈছিল মাৰাত্মক কৰণা ভাইৰাছৰ। ইয়াৰ লগতে অসমত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩০ জন আৰু সম্প্ৰতি হাইলাকান্দিৰ এজন লোক মৃত্যু হৈছে মাৰাত্মক কৰণা ভাইৰাছৰ ফলত।