ফজলুৰ ৰহমান

সোণতলী

২২ জানুৱাৰী

কিমান পাষণ্ড হ’ব পাৰে পিতৃ -মাতৃ ? কোনো মাতৃয়ে নিজৰ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰেনে ? এই প্ৰশ্নৰ উত্তৰত দিব পাৰি হয় বুলি। হয় পিতৃ-মাতৃয়ে হত্যা কৰিব পাৰে নিজ সন্তানক। পিতৃ-মাতৃয়ে সন্তানক হত্যা কৰাৰ তেনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত৷

এটি ফুলকুমলীয়া দেৱ শিশুক পিতৃ-মাতৃয়ে পুখুৰীত দলিয়াই হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ডেৰ বছৰীয়া শিশুটি৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ ঘটনাৰ সবিশেষ জানিব পৰা মতে, কানহাৰা গাঁৱৰ মিজানুৰ খানৰ সৈতে তেওঁৰ পত্নীৰ আছিল দীৰ্ঘদিনীয়া কাজিয়া৷ বৃহস্পতিবাৰে নিশাও দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল৷ পিছত নিশাৰ ভাগতে নিৰুদ্দেশ হৈছিল তেওঁলোকৰে ডেৰ বছৰীয়া পুত্ৰ আহমেদ খান৷ শুকুৰবাৰে পুৱাৰ ভাগত পুখুৰীত উপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্থানীয় ৰাইজৰ মাজত লাগে হুৱা-ধোৱা৷

ৰাইজৰ মতে স্বামী মিজানুৰ ৰহমানৰ লগত তেওঁৰ পত্নী মালেকা খাতুনৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতো কি কাৰণত স্বামী গৃহত আহিছিল মালেকা খাতুন, কোনে আনিছিল, কিয় কাজিয়াৰ সুত্ৰপাত হৈছিল স্থানীয় ৰাইজে সম্পুৰ্ণৰূপে অজ্ঞাত বুলি জানিবলৈ দিয়ে৷ গৰৈমাৰী আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত কৰাৰ পিছত উলাই পৰিব শিশুটিৰ প্ৰকৃত হত্যাকাৰী৷