বৰপেটা

২২ জানুৱাৰী

মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা প্ৰাথমিক শিক্ষকক বৰপেটাত বাধা আৰক্ষীৰ৷ বঙাইগাঁও জিলাৰ পৰা অহা কেবাখনো বাহন আবদ্ধ কৰি গুৱাহাটীৰ আন্দোলনৰ কাৰ্যসূচীত যোগদানত বাধা বৰপেটা আৰক্ষীৰ৷ বঙাইগাঁৱৰ মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰায় ৬ খন বাহন আৱদ্ধ কৰি ৰাখিছে বৰপেটা আৰক্ষীয়ে৷

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমুহৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু সপ্তম দৰমহা বিধিয়ে প্রাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা ৮৭০০.০০ টকাৰ গ্রেড পে’ কৰ্তন কৰি আসোৱাহ নিৰাময় সমিতিয়ে সৃষ্টি কৰা সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷ ৰাজ্যিক প্ৰাথমিক সন্মিলনীয়ে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা বঙাইগাঁৱৰ মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰায় ৬ খন বাহন আৱদ্ধ কৰি ৰাখিছে বৰপেটা আৰক্ষীয়ে৷ প্ৰতিবাদী আন্দোলনত যোগদান কৰিবলৈ যোৱা প্ৰায় ৪ শতাধিক শিক্ষকক বৰপেটা সদৰ থানাৰ আৱদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে৷ বৰপেটা চহৰৰ লগতে বৰপেটাৰ হাউলী, কলগাছিয়া, মাজদিয়া আদি বিভিন্ন স্থানতো প্ৰতিবাদত যোগদান কৰিবলৈ যোৱা শিক্ষকৰ বাহন আৱদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে৷ ৰাজ্যৰ সকলাে প্রাথমিক শিক্ষক শুকুৰবাৰে গুৱাহাটীৰ চচলত সমবেত হৈ প্ৰাথমিক শিক্ষকসকলৰ সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ১৯৮২ চনৰ ২৮ মে’ত সেইসময়ৰ ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ প্ৰমোচনেল পদ হ’ব বুলি ঘোষণা কৰি মহকুমা ভিত্তিত জ্যেষ্ঠতাৰ তালিকা যুগুত কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ বাবে গেজেট পৰ্যন্ত প্ৰকাশ কৰিছিল। পিছে সেই সময়ৰ চৰকাৰখনে অথবা ইয়াৰ পৰৱৰ্তী সময়ত কোনো চৰকাৰেই উক্ত নিৰ্দেশনা পালনৰ বাবে কেনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে৷ শিক্ষক সন্মিলনীয়ে চৰকাৰৰ সৈতে ৪১ বাৰ আনুষ্ঠানিক আৰু শতাধিক বাৰ অনানুষ্ঠানিক আলােচনাত মিলিত হোৱাৰ পিছতো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উক্ত সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ আনহাতে সপ্তম দৰমহা আয়োগে ধাৰ্য কৰা নিৰিখ মতে ৮৭০০.০০ টকা গ্ৰেড পে’ অনুসৰি সােতৰ মাহধৰি দৰমহা লাভ কৰাৰ পিছত পুনৰ দৰমহাৰ নিৰিখ হ্রাস কৰি নতুন আসোঁৱাৰ সৃষ্টি কৰাৰ বিৰুদ্ধেও শিক্ষকসকলে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিছিল৷

দেশৰ কোনাে ৰাজ্যত কোনাে শিক্ষক কর্মচাৰীৰ পৰা এনেদৰে দৰ্মহা কর্তন কৰাৰ নজিৰ নাই। এনে অন্যায় কোনাে কাৰণতে মানি ল’ব পৰা নাযাব বুলি সন্মিলনীয়ে ক্ষোভ উজাৰি দুয়ােটা সমস্যা সমাধানৰ বাবে ২০১৯ চনৰ ৩০ ডিচেম্বৰত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রীক অৱগত কৰাৰ পিছত শীঘ্ৰে উক্ত সমস্যা দুটা সমাধানৰ বাবে শিক্ষা আৰু বিত্ত বিভাগক নির্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। সেই নির্দেশক কেন্দ্ৰ কৰি ২০২০ চনৰ ১৭ জানুৱাৰীত তদানীন্তন শিক্ষামন্ত্রীয়ে ২০২০ চনৰ ৩১ মার্চৰ ভিতৰত মুখ্যমন্ত্রীৰ নির্দেশ কার্যকৰী কৰিম বুলি লিখিতভাৱে জনাইছিল কিন্তু ১১ মাহ পাৰ হৈ যোৱাৰ পিছতাে উক্ত প্ৰতিশ্ৰুতি কার্যকৰী কৰা নহ’ল।

শেহতীয়াভাৱে ২০২০ চনৰ ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্রীৰ লগত হােৱা দুলানী আলােচনাৰ পিছতাে আজিলৈকে চৰকাৰীভাৱে কোনাে এটা সমস্যাৰ সমাধানৰ আদেশ কাৰ্যকৰী কৰা হােৱা নাই। ইয়াৰ প্ৰতিবাদতে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে শুকুৰবাৰে ৰাজ্যৰ সকোলাে প্রাথমিক শিক্ষকে গুৱাহাটীৰ চচলত সমবেত হৈ দুয়ােটা সমস্যা সমাধান কৰি আদেশ প্রকাশ নকৰা পর্যন্ত বিত্তীয় লেনদেন আৰু কার্যালয় কেন্দ্রীক কামৰ পৰা সামুহিকভাৱে অসহযােগৰ শপত লৈ মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰি গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়তে এনেদৰে বিভিন্ন স্থানত প্রাথমিক শিক্ষক সকলক আৱদ্ধ কৰি ৰাখিছে আৰক্ষীয় ৷