কুন্দন ভৰালী

নগাঁও

২২ জানুৱাৰী

মূল্যবৃদ্ধিৰ ধনেৰে লাস বিলাসত মত্ত শাসকীয় দলৰ নেতা মন্ত্ৰী। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। অত্যাৱশ্যকীয় সমগ্ৰীৰ লগতে পেট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজ্যজুৰি প্ৰতিবাদ। ঠায়ে ঠায়ে চাইকেল সমদল উলিয়াই মূল্যবৃদ্ধি ৰোধৰ দাবী কংগ্ৰেছৰ।

সমগ্ৰ ৰাজ্যৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী কংগ্ৰেছ দলে। নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল সমদল। নগাঁও ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ নেতা-কর্মী সকলে বিশাল চাইকেল সমদল উলিয়াই উপস্থিত হয় নগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত। চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে কংগ্ৰেছ দলৰ নেতা-কর্মী সকলে। প্ৰতিবাদী কাৰ্যসূচীত জ্যেষ্ঠ কংগ্ৰেছ নেতা শান্তনু শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ কেইবাজনো কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শাসকীয় বিজেপিক কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। মাটিৰ খাজনা বৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে লাস-বিলাসত মত্ত থকা বুলিও কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। কংগ্ৰেছৰ নেতৃত্বত ইতিমধ্যে ঘোষণা হোৱা মিত্ৰজোঁটক বিজেপিয়ে সমালোচনা কৰাৰ সময়ত মিত্ৰজোঁটক লৈ নগাঁৱত মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

কংগ্ৰেছৰ নেতৃত্বত হোৱা মিত্ৰজোঁটক লৈ শাসকীয় দল শংকিত বুলি উল্লেখ কৰি আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বতেই বিজেপি বিৰোধী চৰকাৰ হ’ব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। বিজেপি চৰকাৰে ৰাইজৰ কোনো কাম নকৰা বুলিও কটাক্ষ কৰি ৰকিবুল হুছেইনে কয় বিজেপিক উৎখাত কৰিবলৈ অসমৰ ৰাইজে এতিয়া নিৰ্বাচনলৈ অপেক্ষা কৰি আছে। শাসকীয় দলটোৱে কোনো কাম নকৰাৰ বাবেই নিৰ্বাচনৰ প্ৰকমহুৰ্তত এতিয়া চাইকেল, বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে বিজেপিয়ে বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।