সোণাপুৰ, সংবাদ ৩৬৫, ৭ জানুৱাৰী : লক্ষ্মী এগ্ৰো ইনপ্ৰেক্স ইণ্ডিয়াৰ উদ্যোগত মহানগৰীৰ সোণাপুৰৰ দিচাং ৰিজৰ্টত দেওবাৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।

দশমবৰ্ষ পূৰ্তি উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানটোত শুভাৰম্ভ কৰা হয় “লক্ষ্মী ভোগ বাচমতী চাউলৰ নতুন বেণ্ডৰ।

এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্হানৰ ডিলাৰ-ৰিটেলাৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰাসকলক উপহাৰ কুপনৰ জৰিয়তে বিভিন্ন জনে লাভ কৰা পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। ইয়াৰোপৰি ব্যৱসায়ত সহযোগীতা আগবঢ়োৱা সকলক বঁটা প্ৰদান কৰে ।

লক্ষ্মী এগ্ৰো ইনপেক্স ইণ্ডিয়াৰ পৰিচালক মণ্ডলীয়ে উল্লেখ কৰে যে গ্ৰাহক সকলে কেনেদৰে লক্ষী ভোগৰ বিভিন্ন সামগ্ৰী সুলভ মূল্যত আৰু উন্নত ধৰণৰে যোগান ধৰাত ব্যৱস্হা গ্ৰহণ কৰিছে ।