জোনমণি বেগম

বিশ্বনাথ

২৩ জানুৱাৰী

বিশ্বনাথত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। “কা” বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।

সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বান মৰ্মে শনিবাৰে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিস্থিত শ্বহীদ ভৱনৰ সন্মুখত নৰেন্দ্ৰ মোদী গ’ বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, হিমন্তৰ দম্ভালী নচলিব, পুলিচৰ দমন নীতি বন্ধ কৰক, “কা” বাতিল কৰিবই লাগিব, ই আই এ বাতিল কৰক আদি বিভিন্ন শ্ল’গানেৰে “কা”‘ বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, উপ-সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, বিশ্বনাথৰ জেষ্ঠ সাংবাদিক নিঞ্জন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিবাহক সদস্য নাছিৰ আহমেদ, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সুনীল গোৱালা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক নিতু বৰা, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক সুৰজ ভূঞা, লক্ষ্য শইকীয়া, উদীপ্ত ভূঞা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক সুশীল তাতিঁ, অৰ্পণজ্যোতি বসুমতাৰী, জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক সপোন শইকীয়া, হীৰক বৰা, পুৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱজ্যোতি ৰাজখোৱাকে আদি কৰি জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে আছুৱে ৰাজ্যজুৰি এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে। “কা”‘ বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী সমস্যা সমাধানৰ দাবীত আছুৱে উলিওৱা জোঁৰ সমদলক আৰক্ষীয়ে বাধা প্ৰদনা কৰাত বিভিন্ন ঠাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।