নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ অক্টোবৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক অসমৰ পৰা মধ্যপ্ৰদেশলৈ মধ্যপ্ৰদেশলৈ বদলিকৰণ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। জানিবলৈ পোৱা মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ জীৱনৰ নিৰাপত্তাক লৈ শংকিত হৈ উচচতম ন্যায়ালয়ে হাজেলাক অসমৰ পৰা মধ্যপ্ৰদেশলৈ বদলিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে প্ৰতীক হাজেলা ১৯৯৫ চনৰ অসম-মেঘালয়ৰ আই এ এছ বিষয়া আছিল। হাজেলা ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নতিকৰণৰ কামৰ লগত আৰম্ভণিৰে পৰা জড়িত আছিল।